নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতীক্ষাৰ অন্ত : কাইলৈ ষষ্ঠীৰ বেদীত প্রতিষ্ঠা হ’ব মহিষমর্দিনীৰ প্রতিমা

🔹 মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ অক্টোবৰ : টোপ টোপকৈ সৰা নিয়ৰে সেমেকাই তোলা ধৰাৰ বুকুত শুভ্র দলিচা পাৰি তল ভৰি সৰিছে শেৱালি৷ ৰিবৰিবকৈ বলা মলয়া বতাহত নাচি–বাগি নৈৰ জলাধাৰৰ সৈতে গুণগুণাইছে কঁহুৱাই৷ প্রকৃতি দেৱীৰ বর্ণিল আয়োজনৰ মাজেৰে আকৌ আহিছে মায়াময় শৰৎ৷ বাৰিষাত কালৰূপ ধৰা প্রকৃতিৰ মনোমোহা ৰূপে সকলোৰে মন আউলি-বাউলি কৰাৰ সময়তে পুনৰ ৰাজ্যজুৰি আয়োজন চলিছে মহিষমর্দিনীক আৰাধনাৰ৷ দুর্গোৎসৱ মানেই ৰং-ৰহইচৰে ভক্তৰ মন–প্রাণ ভৰি পৰে৷ কাইলৈ মহাষষ্ঠী৷ বিল্ববোধন অথবা বেলবৰণেৰে ষষ্ঠীৰ বেদীত প্রতিষ্ঠা কৰা হ’ব মহিষমর্দিনীৰ মৃন্ময় প্রতিমা৷ কালপুৰুষ পঞ্জিকা অনুসৰি পূর্বাহ্ণ দং৯৷২৭৷০ ঘঃ ৯৷১৪৷৪৫ কিন্তু বাৰবেলানুৰোধে দিবা ঘঃ ৮৷২০৷৩০ সময়ৰ ভিতৰত শ্রীশ্রী শাৰদীয় দুর্গা দেৱীৰ ষষ্ঠাদি কল্পাৰম্ভ হ’ব৷ সন্ধিয়া হ’ব দেৱীৰ আমন্ত্রণ, অধিবাস৷ পুৰোহিতৰ মন্ত্রোচ্চাৰণ, শংখ–ঘণ্টা, ঢাক–ঢোল, উৰুলিৰ মংগলময় ধ্বনিৰ মাজেৰে ষষ্ঠীৰ বেদীত কাত্যায়নীৰ ৰূপেৰে দশভুজাক প্রতিষ্ঠা কৰা হ’ব৷ মহিষমর্দিনীৰ ওচৰতে স্ব-স্থানত সিদ্ধিদাতা গণেশ, কার্তিক আৰু লক্ষ্মী দেৱীৰ মৃন্ময় প্রতিমা স্থাপন কৰা হ’ব৷ দেৱীৰ চৰণ যুগলৰ ওচৰত প্রতিষ্ঠা হ’ব ত্রিশূলৰ আঘাতত ৰক্তৰঞ্জিত হোৱা মহিষাসুৰৰ প্রতিমা৷ অৱশ্যে দেৱালয় তথা পীঠস্থানসমূহত পুৰাতন পৰম্পৰা অনুসৰি মৃন্ময় প্রতিমাৰ সলনি পৰম্পৰাগতভাৱে পূজা–অর্চনা আগবঢ়োৱা হয়৷ প্রবাদ অনুসৰি, মহালয়াৰ দিনাই ধৰাৰ বুকুলৈ আগমন ঘটে দশভুজাৰ৷ ইয়াৰ লগে লগেই ৰাজ্যজুৰি শাৰদীয় দুর্গা পূজাৰ আনন্দ–উৎসাহময় পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ মহালয়াৰ পাছতে আৰম্ভ হৈছে নৱৰাত্রি ব্রত৷ এই নৱৰাত্রিৰ সময়ছোৱাত দেৱীৰ ৯টা ৰূপক পূজা–অর্চনা কৰা হয়৷ প্রথম দিনা শৈলপুত্রী, দ্বিতীয় দিনা ব্রহ্মচাৰিণী, তৃতীয় দিনা চন্দ্রঘণ্টা, চতুর্থ দিনা কুষ্মাণ্ডা আৰু পঞ্চমীত স্কন্দমাতাৰ ৰূপত দেৱী দুর্গাক পূজা–অর্চনা কৰা হয়৷ প্রতিটো ৰূপতে বৈদিক ৰীতি–নীতিৰে দেৱী দুর্গালৈ ভক্তসকলে পূজা–অর্চনা আগবঢ়ায়৷ ইতিমধ্যে নৱৰাত্রি উপলক্ষে শক্তিপীঠ কামাখ্যাত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে৷ পৰম্পৰাগতভাৱে নৱৰাত্রিৰ সময়ছোৱাত শক্তিপীঠখনত দেৱীৰ ৯টা ৰূপক পূজা–অর্চনা কৰা হয়৷ এই উপলক্ষে কামাখ্যা দেৱালয় সজাই–পৰাই তোলা হৈছে৷ দুর্গা পূজাৰ দিনকেইটাত অষ্টমীৰ পৰা কামাখ্যা দেৱালয়ত বলি বিধানেৰে দেৱীক পূজা–অর্চনা কৰা হয়৷ তদুপৰি ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়, উগ্রতাৰা দেৱালয়কে ধৰি ৰাজ্যৰ বিভিন্ন শক্তিপীঠত ম’হ, ছাগলী, কোমোৰা, পাৰ, কুঁহিয়াৰ আদি বলি বিধানেৰে দেৱীক পূজা–অর্চনা কৰা হয়৷ ইফালে, বিগত এমাহ ধৰি ৰাজ্যৰ প্রান্তে প্রান্তে দুর্গোৎসৱ আয়োজনৰ বাবে পূজা কমিটীসমূহে যুদ্ধকালীন প্রস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ দেৱী দুর্গাক আৰাধনা কৰাৰ লগতে আলোকসজ্জা আৰু বৃহৎ মণ্ডপৰ চমকেৰে ভক্তক আকর্ষণ কৰিবলৈ আয়োজক কমিটীসমূহে কোনোধৰণৰ ত্ৰুটি এৰিব বিচৰা নাই৷ কেৱল ৰাজ্যৰেই নহয়, বহিঃৰাজ্যৰ পৰা অনা শিল্পীৰে ৰাজ্যৰ প্রান্তে প্রান্তে বিশাল বিশাল মণ্ডপ তৈয়াৰ কৰা হৈছে৷ ক’ৰবাত যদি কলকাতাৰ প্রখ্যাত দক্ষিণেশ্বৰী মন্দিৰৰ আর্হিত মণ্ডপ নির্মাণ কৰা হৈছে, আন ক’ৰবাত আকৌ ৰাম মন্দিৰৰ আর্হিত মণ্ডপ নির্মাণ কৰা হৈছে৷ ক’ৰবাত আকৌ জীৱন্ত ৰূপত উদ্ভাসিত হৈ পৰিব চন্দ্রযান–৩ৰ মহাকাশ যাত্রা৷ ইপিনে, পৰিয়ালৰ সৈতে পূজা উপভোগ কৰাৰ বাবে পছন্দৰ সাজ–পোছাক বিচাৰি আজিও বজাৰত বহু গ্রাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে পূজাস্থলীসমূহৰ সমীপত ৰং–বিৰঙী বেলুন, পুতলা আদিৰ দোকানৰ পয়োভৰ ঘটিছে৷ দুর্গোৎসৱ মানেই জেলেপিৰ সোৱাদ লোৱাটো সকলোৰে একপ্রকাৰৰ চখ৷ ৰাজ্যৰ আন প্রান্তৰ লগতে মহানগৰীৰ মিঠাইৰ দোকানসমূহৰ উপৰি পূজাস্থলীসমূহত অস্থায়ীভাৱে স্থাপন কৰা দোকানসমূহত জেলেপিকে ধৰি সুস্বাদু মিঠাই প্রস্তুতত ব্যৱসায়ীসকল ব্যস্ত হৈ পৰিছে৷ শাৰদীয় দুর্গোৎসৱ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এক শুভচ্ছা বার্তাত মুখ্যমন্ত্রীগৰাকীয়ে কয়- ‘প্রাচীন কালৰে পৰা ভাৰতত দেৱী পূজাৰ পৰম্পৰা চলি আহিছে৷ পুৰাণ, উপনিষদ আদি সনাতন আধ্যাত্মিক গ্রন্থসমূহৰ মাজেৰে দেৱী পূজাই মাহাত্ম্য লাভ কৰিছে৷ বৈদিক যুগৰে পৰা অসুৰ বিনাশকাৰিণী দুর্গাক হিন্দুৱে জ্যোতির্ময়ী মাতৃ–মূর্তি ৰূপে পূজা কৰি আহিছে৷ দুর্গাপূজাৰ লগত ভক্তি, শ্রদ্ধা আৰু সাধনাৰো প্রাবল্য আছে৷ এই উৎসৱ পালনৰ জৰিয়তে মানুহৰ মাজত সামাজিক, নৈতিক আৰু আধ্যাত্মিক বান্ধোন সুদৃঢ় হয়৷ দুর্গা পূজাৰ অন্তর্নিহিত বৈশিষ্ট্যই আমাৰ মাজত শান্তি–সম্প্রীতি, ভাতৃত্ববোধৰ বান্ধোন আৰু সংহতি কঢ়িয়াই আনিবলৈ উদ্বুদ্ধ কৰে৷ শৰৎ কালৰ দেৱী উপাসনা হ’ল অপশক্তি নাশেৰে সত্যক প্রতিষ্ঠা কৰা এক যুগজয়ী উৎসৱ৷’ শাৰদীয় দুর্গোৎসৱে সমাজত বর্তি থকা শান্তি–সম্প্রীতি, প্রেম তথা ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ দিশত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে অনুপ্রাণিত কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে৷

You might also like