নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অসুৰৰ বিনাশ হওক

আজিৰ সময় সুখৰ নহয়৷ কালিৰ সময়ো সুখৰ নাছিল৷ আচলতে বহুদিন হ’ল, সুখৰ সৈতে সময়ৰ দেখাদেখি হোৱা নাই৷ সুখ যদি পূবে সময়ৰ গতি পশ্চিমে৷ তথাপি মানুহ হতাশ হোৱা নাই৷ কালিও হতাশ হোৱা নাছিল, কাইলৈও হতাশাত হিতাহিত জ্ঞান হেৰুৱাই বিপথগামী হোৱাৰ সম্ভাৱনা নাই৷ মানৱ সভ্যতাক বিপদাপন্ন কৰি যদি ক’ৰোনা আহিছে মানুহে ইয়াৰ বিৰুদ্ধে যুঁজ দি দৰবো ডলিয়াইেেছ৷ অসুখৰ ওচৰত আত্মসমর্পণ কৰা নাই৷ আত্মসমর্পণ কৰা নাই বাবেই পৃথিৱীখন আজিও মানুহৰ বাবে বাসোপযোগী হৈ আছে৷ অসুখৰ জানো সীমা–সংখ্যা আছে? ক্ষণে ক্ষণে ৰুষ্ট পৃথিৱী৷ ক’ৰবাত বান, ক’ৰবাত ছুনামি, ক’ৰবাত ধুমুহা অগ্ণিকাণ্ড৷ কিমান যে অঘটন সকলোতে দুর্গতি হয় মানুহৰ৷ মানুহ মৰে, অসুস্থ হয়, গৃহহাৰা হয়৷ যুদ্ধই মানুহৰ মৰিশালি পাতে, সংঘাত–সংঘর্ষতো মানুহৰে জীৱন বিপন্ন হয়৷ বজাৰত যেতিয়া জুই লাগে সেই জুইত দগ্ধ হয় সাধাৰণ লোক৷ পাকঘৰে পাকঘৰে হুমুনিয়াহৰ ক’লা ধোঁৱা ডৰে৷ কিন্তু ইয়াৰ বাবে কানেও কাকো আঘাত কৰা নাই, কোনেও কাৰো গালৈ জুই দলিওৱা নাই৷ প্রত্যেকে নিজৰ নিজৰ সামর্থ্য আৰু শক্তিৰে অসুখৰ বিৰুদ্ধে অবিৰতভাৱে যুঁজ দি গৈছে৷ সময়ো ৰৈ থকা নাই, পৃথিৱীখনো ৰৈ থকা নাই৷ যি ৰৈ গৈছে সময়ৰ বিচাৰত তেওঁ দুর্বল প্রতিপন্ন হৈছে৷ অসুখৰ বিৰুদ্ধে মানুহৰ যুঁজখন সভ্যতাৰ পাতনিৰ পৰাই আছে৷ সময়ৰ পৰিৱর্তন আৰু বিৱর্তনত মাথোঁ ইয়াৰ স্বৰূপ আৰু ৰূপৰেখা সলনি হৈছে৷ আগেয়ে মানুহে কলেৰা, হাইজাৰ বিৰুদ্ধে সর্বাত্মক ৰূপত যুঁজ দিব লাগিছিল৷ এতিয়া মানুহে জেহাদী–সন্ত্রাসবাদীৰ্ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে৷ যুঁজ কিন্তু নিৰন্তৰ চলি আছে৷ যুঁজখনৰ বাবে মানুহে যুগে যুগে নিজৰ মাজত কিছুমান প্রতীকী ৰূপত প্রেৰণা সৃষ্টি কৰি লৈছে৷ শাৰদীয় দুর্গা পূজাও অসুখৰ বিৰুদ্ধে যুদ্ধৰ প্রেৰণাৰ এটা পৱিত্র স্রোত৷ মানুহৰ মনলৈ যেতিয়া দেৱীৰ ছবিখন আহে, দুর্গতিনাশিনীৰ অন্ধকাৰৰ বিৰুদ্ধে যুঁজখন চেতনাৰ সিৰাই সিৰাই প্রবাহিত হয়৷ নিজেই ক’ব নোৱৰাকৈ তেওঁ অন্যায়–পশক্তিৰ বিৰুদ্ধে এজন জাগ্রত প্রহৰী হৈ পৰে৷ এয়াই দুর্গা পূজাৰ তাৎপর্য, প্রকৃত আবেদন৷ দেৱী দুর্গাক আৰাধনা কৰি যাৰ হূদয় আৰু চেতনাত অপশক্তি, অন্যায়, অবিচাৰৰ বিৰুদ্ধে ঘৃণা ওপজা নাই, দহজনক ইযাৰ বিৰুদ্ধে সংগ্রাম কৰিবলৈ প্রেৰিত কৰা নাই, তেওঁৰ ভক্তি মিছা৷ তেনে ভণ্ডসকলো সমাজখনৰ বাবে একো একোজন অসুৰ৷ মহিষাসুৰ৷

বছৰটোৰ অপেক্ষাৰ অন্তত আকৌ মহিষমর্দিনীৰ পূজা আহিল৷ পূজাৰ বিধি আৰু বিশ্বাস তথা পৰম্পৰা অনুসৰি ইতিমধ্যে ধৰাৰ বুকুলৈ দেৱীৰ আগমন ঘটিছে৷ দেৱীয়ে এইবাৰ ঘোটক অর্থাৎ ঘোঁৰাত ডঠি আহিছে৷ ডভতি যাওঁতেও ঘোঁৰাতে যাব৷ দেৱী ঘোঁৰাত ডঠি অহা আৰু যোৱাৰ অর্থ হৈছে শত্রুৰ ছত্রভংগ দিয়া৷ ছত্রভংগ কোনে দিব? যিসকল মানুহ আৰু মানৱতাৰ শত্রু৷ শত্রুসকলক মানুহে চিনিব লাগিব৷ সেইবোৰৰ বিৰুদ্ধে চেতনাৰ ঘোঁৰাটোত ডঠিব লাগিব৷ শত্রু অর্থাৎ মানৱ সমাজৰ বাবে অপশক্তিসমূহক ছত্রভংগ দিবলৈবাধ্য কৰিব লাগিব৷ তেতিয়াহে দুর্গা পূজাৰ সার্থকতা আহিব৷ দেৱীৰ ষষ্ঠী পূজাৰ বাবে অধিক ক্ষণ নাই৷ বেদীত দেৱীৰ প্রতিমা স্থাপনৰ লগে লগে দুর্গা দেৱীৰ পূজা অর্থাৎ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ’ব৷ নৱমীলৈকে পূজাৰ আনন্দ–ডছাহ মানুহৰ মাজত থাকিব৷ দশমীৰ দিনটো মূলতঃ বিষাদৰ৷ সিদিনা দেৱী ধৰাৰ পৰা গুচি যাব৷ ষষ্ঠীৰ পৰা নৱমীলৈ মানুহৰ অন্তৰে অন্তৰে ডছাহে পাৰ ভাঙি থাকে৷ আনন্দ আৰু ডল্লাসৰ দিনকেইটা মাথোঁ আনন্দতে নিজকে সীমাবদ্ধ নাৰাখি এবাৰ চাৰিওফালে চকু মেলিও চোৱাৰ দৰকাৰ৷ চাৰিওফালে থকা অশুভ–পশক্তিবোৰক চিনি থ’ব লাগে৷ সেইবোৰে যাতে সমাজৰ বুকুত কামুৰিব নোৱাৰে, তাৰ বাবে সতর্ক–সজাগ হোৱাৰো দৰকাৰ আছে৷ সমাজখন সজাগ–সতর্ক হৈ থাকিলে অসুখবোৰে সময়ক আক্রমণ কৰিব নোৱাৰে৷ আহত কৰিব নোৱাৰে৷ বহুক্ষেত্রত অজ্ঞতা, অসচেতনতাৰ বাবে মানুহ সংকটত পৰে৷ সাম্প্রদায়িক সংঘাতৰ ইও এটা প্রধান কাৰণ৷ অন্ধবিশ্বাস, কু–সংস্কাৰৰো কাৰণ শিক্ষাহীনতা আৰু অজ্ঞতা৷ ডাইনী বুলি একা নথকা সত্ত্বেও কোনো সমাজত এই অপযশ দি মানুহক হত্যা কৰা হয়৷ ইয়াৰ পৰা সমাজখনক মুক্ত কৰিবলৈ পণ লোৱাটো দুর্গা পূজাই ডত্তম সময়৷ দুর্গা পূজাৰ আচল আবেদনক যদি মানুহে হূদয়ত ধাৰণ কৰিব নোৱাৰে, চেতনাত তুলি ধৰিব নোৱাৰে, দেৱীৰ আৰাধনা ভণ্ডামি আৰু আত্মপ্রতাৰণাৰ চূডান্ত নিদর্শনহে হৈ ৰ’ব৷ মানহক আনন্দ, ডছৱৰ প্রয়োজন আছে৷ কিন্তু ই ডদ্দেশ্যহীন বা চর্তহীন নহয়৷ প্রতিটো ডছৱৰ অন্তর্নিহিত বার্তা আছে৷ সমাজলৈ বার্তাটো প্রেৰণ কৰাটোহে ডছৱ আয়োজনৰ মূল কথা৷ এইবাৰৰ দুর্গা পূজাতো ইয়াৰে প্রতিফলন ঘটক৷ অসুখৰ বিৰুদ্ধে এখন সার্থক যুদ্ধৰ পাতনি হওক৷

You might also like