নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান : গুৱাহাটীত সম্পূৰ্ণ সক্ৰিয় ITMS

বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ অতি সাৱধানেৰে চলিব লাগিব মহানগৰবাসী। আইন উলংঘাকাৰীৰ বিপদ নিশ্চিত। পূজাৰ বতৰত ট্ৰেফিক আইন উলংঘা কৰিলেই পূজাৰ বাজেটৰ পৰা কাট খাই যাব আপোনাৰ বেংকৰ ধন। কিয়নো মহানগৰীত সক্ৰিয় কৰি তোলা হৈছে ইনটিগ্ৰেটেড ট্ৰেফিক মেনেজমেন্ট চিষ্টেম চমুকৈ ITMS। ইয়াত আপুনি ট্ৰেফিক আইন ভংগ কৰিলেই আপোনাৰ মবাইললৈ আহিব মেছেজ। যি মেছেজ দেখি আপুনি হৈ পৰিব পাৰে হতবাক। লগতে পূজাৰ বাজেটতো লাগিব পাৰে আউল। সকলো মুহূৰ্ততে আপোনাৰ গতিবিধি নজৰত থাকিব ITMSত সংযোজিত চিচি টিভিত। হেলমেট নিপিন্ধিলে, ছীট বেল্ট নলগালে আৰু বাহনত মোবাইলত কথা পাতিলে এতিয়াৰে পৰা যান বাহন আৰক্ষীয়ে আপোনাক নৰখায়। কিয়নো সেয়া অনলাইন মাধ্যমতে হৈ যাব। সুৰাৰ ৰাগীত মাতাল হৈ যান বাহন চলালেই আপোনাৰ বিপদ নিশ্চিত। উল্লেখ্য যে ১০ দিন পূৰ্বৰ পৰা মহানগৰীত সক্ৰিয় কৰি তোলা হৈছে ITMSৰ হাই ৰিজ’লিউচন কেমেৰা। এই মন্তব্য কৰিছে মহানগৰ আৰক্ষী আয়ুক্তই।

#বাৰ্তা ডিজিটেল ডেক্স

You might also like