নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰে মেচৰ পূর্বে ৰোহিত–কোহলিক বিশ্রাম

🔹 আত্মীয়ক সাক্ষাতৰ সুযোগ দিব ব’র্ডে

বিশেষ বাৰ্তা, ২১ অক্টোবৰ : বিশ্বকাপত দুর্দান্ত ফর্মত থকা ভাৰতে এই পর্যন্ত চাৰিখন মেচত জয়লাভ কৰিছে৷ নিউজিলেণ্ডৰ সৈতে পইণ্ট সমান হ’লেও ৰান ৰেটৰ বাবে দ্বিতীয় স্থানত আছে দলটো৷ কাইলৈ ভাৰতে খেলিব নিউজিলেণ্ডৰ বিৰুদ্ধে৷ ইয়াৰ এসপ্তাহ পিছত অনুষ্ঠিত হ’ব পৰৱর্তী মেচ৷ এই সুযোগতে ক্রিকেটাৰসকলক পৰিয়ালৰ সদস্যক দেখা কৰাৰ বাবে ছুটী দিয়াৰ কথা ভাবিছে ব’র্ডে৷ এছিয়া কাপৰ পূর্বৰে পৰা বেংগালুৰুত শিবিৰত থকাৰ বাবে দীর্ঘ সময় পৰিয়ালৰ পৰা দূৰত আছে ক্রিকেটাৰসকল৷ মাজতে দুই–তিনি দিনৰ বিৰতিৰ বাহিৰে তেনেদৰে ছুটী পোৱা নাই বিৰাট-ৰোহিতহঁতে৷ সেই কথালৈ লক্ষ্য ৰাখি ইংলেণ্ড মেচৰ পূর্বে কেইদিনমানৰ ছুটী দিব বিচাৰিছে ভাৰতীয় ক্রিকেট ব’র্ডে ৷ কাইলৈ মেচখনৰ পিছত ঘৰলৈ যোৱাৰ অনুমতি দিয়া হ’ব ক্রিকেটাৰসকলক৷ কাৰণ ইংলেণ্ডৰ বিৰুদ্ধে পৰৱর্তী মেচখন সাত দিন পিছত অনুষ্ঠিত হ’ব৷ ২৬ অক্টোবৰৰ পৰা লক্ষ্ণৌত পুনৰ আৰম্ভ হ’ব অনুশীলন ৷

You might also like