গাজাত আক্রমণ অব্যাহত ইজৰাইলী সেনাৰ
🔹 পণবন্দী কৰি ৰখা দুই আমেৰিকানক মুকলি হামাছ সন্ত্রাসবাদীৰ
🔹 ১৪ দিনৰ মূৰকত গাজাত প্ৰৱেশ মানৱীয় সাহায্য কঢ়িওৱা ট্রাক
বিশেষ বাৰ্তা, ২১ অক্টোবৰ : হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ প্রচণ্ড আক্রমণ চলি আছে৷ গাজাত ইজৰাইলী সেনাই আকাশীমার্গেৰে আক্রমণ অব্যাহত ৰখাৰ বিপৰীতে গাজা সীমান্তত শ শ টেংকেৰে অৱস্থান কৰিছে৷ শীর্ষ নেতৃত্বৰ নির্দেশ পালেই স্থলভাগেৰে গাজাত প্রৱেশ কৰি হামাছ সন্ত্রাসবাদীক সমূলঞ্চে নির্মূলৰ অভিযান চলাব৷ হামাছ আৰু ইজৰাইলী সেনাৰ যুদ্ধৰ চতুর্দশ দিনত অৱশেষত বিধ্বস্ত গাজাত দুর্বিসহ জীৱন কটাই থকা লোকলৈ মানৱীয় সাহায্যৰ পথ মুকলি হ’ল৷ ইজিপ্তৰ সীমান্ত গাজাৰ ৰাফা সীমান্তৰে গাজাত প্রৱেশ কৰিলে মানৱীয় সাহায্য সামগ্রী কঢ়িওৱা কেইবাখনো ট্রাক৷ বিগত কিছুদিন ধৰি ৰাফা সীমান্তত মানৱীয় সাহায্য সামগ্রী কঢ়িওৱা ট্রাকসমূহ গাজাত সোমোৱাত বাধা প্রদান কৰি থকাৰ পাছত ইজৰাইল–ইজিপ্তৰ আলোচনাৰ অন্তত এই ট্রাকবোৰ গাজাত প্রৱেশৰ অনুমতি দিয়া হয় আৰু লগে লগে মানৱীয় সাহায্য সামগ্রী লৈ কেইবাখনো ট্রাক বিধ্বস্ত গাজাত প্রৱেশ কৰিছে৷ ২০০তকৈ অধিক ট্রাকত গাজাত ক্ষতিগ্রস্ত লোকক যোগান ধৰিবলৈ ৩ হাজাৰতকৈ অধিক টন মানৱীয় সাহায্য আছে৷ এই সাহায্য সামগ্রীৰ ভিতৰত খাদ্য, পানী আৰু ইন্ধন আছে৷ মানৱীয় সাহায্য সামগ্রী কঢ়িওৱা ট্রাক গাজাত প্রৱেশ কৰাৰ পিছতো হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে আক্রমণ অব্যাহত ৰাখিছে ইজৰাইলী সেনাই৷ ইপিনে, সমগ্র বিশ্বক হতচকিত কৰি হামাছ সন্ত্রাসবাদীয়ে পণবন্দী কৰি ৰখা দুই আমেৰিকানক আজি মুকলি কৰি দিছে৷ হামাছ সন্ত্রাসবাদীয়ে পণবন্দী কৰি ৰখা এই দুই আমেৰিকানক কাটাৰ আৰু ইজিপ্তৰ অহৰহ প্রচেষ্টাৰ অন্তত সন্ত্রাসবাদী গোটটোৱে মুকলি কৰি দিলে৷ শীঘ্রেই আন আন পণবন্দীসকলকো মুকলি কৰি দিয়াৰ সম্ভাৱনাৰ পথ প্রশস্ত হৈছে৷ উল্লেখনীয় যে যোৱা ৭ অক্টোবৰত ইজৰাইলত ভয়াৱহ আক্রমণ চলোৱা হামাছ সন্ত্রাসবাদীয়ে আমেৰিকানসহ ২০০তকৈ অধিক লোকক পণবন্দী কৰি ৰাখিছে৷ এই পণবন্দীক মুকলি কৰিবলৈ কাটাৰ আৰু ইজিপ্তে চলাই থকা প্রচেষ্টাৰ অন্তত হামাছ সন্ত্রাসবাদীয়ে দুই আমেৰিকান জুডিথ টাই ৰানন আৰু তেওঁৰ কন্যা নাটালিয়া ছোছানা ৰানানক মুকলি কৰি দিছে৷ ইজৰাইল চৰকাৰে প্রকাশ কৰা মতে, শুকুৰবাৰে সন্ধিয়া এই দুই আমেৰিকান ইজৰাইলত উপস্থিত হৈছে যদিও সংবাদ মাধ্যমত এই দুই আমেৰিকানৰ স্বাস্থ্যক লৈ অধিক তথ্য প্রচাৰ হোৱা নাই৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে এই বাতৰিত আনন্দ প্রকাশ কৰি হামাছ সন্ত্রাসবাদীৰ পৰা মুক্ত হোৱা দুই আমেৰিকানৰ সৈতে টেলিফোনিক বার্তালাপ কৰিছে৷ দুই আমেৰিকানক মুকলি কৰি দি হামাছ সন্ত্রাসবাদীয়ে এই সন্দর্ভত ঘোষণা কৰিছে যে কাটাৰ আৰু ইজিপ্তে সাধাৰণ নাগৰিকক মুকলি কৰাৰ প্রচেষ্টাক সন্মান জনাই গোটটোৱে দুই আমেৰিকানক মুকলি কৰি দিছে৷ শীঘ্রেই আন পণবন্দীকো পর্যায়ক্রমে মুকলি কৰি দিয়া হ’ব৷ মন কৰিবলগীয়া যে ৭ অক্টোবৰত গাজাৰ পৰা হামাছ সন্ত্রাসবাদীয়ে ২০ মিনিটৰ ভিতৰত পাঁচ সহস্রাধিক ৰকেটেৰে ইজৰাইল আক্রমণ কৰাৰ সমান্তৰালকৈ স্থলভাগেৰেও ইজৰাইলৰ ভূমিত প্রৱেশ কৰিছিল৷ এই আক্রমণৰ সময়তে ইৰান–গাজা সীমান্তৰ সমীপত নাহাল কিব্বাজৰ পৰা আমেৰিকানসহ কেইবাজনক হামাছ সন্ত্রাসবাদীয়ে পণবন্দী কৰি লৈছিল৷ ইজৰাইলে প্রকাশ কৰা মতে, ইজৰাইলী, দৈত নাগৰিক আৰু বিদেশীসহ ২০৩জনক হামাছ সন্ত্রাসবাদীয়ে পণবন্দী কৰি ৰাখিছে৷ ইয়াৰে কেইবাজনক ইতিমধ্যে হামাছে নৃশংসভাৱে হত্যা কৰিছে৷ পণবন্দী কৰি ৰখা দুই শতাধিকৰ ভিতৰত ২০জন শিশু আছে৷ ২০ বছৰৰ পৰা ৬০ বছৰ ঊর্ধ্বৰ অধিক লোক পণবন্দী হৈ আছে৷