নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত শাক-পাচলিৰ অস্বাভাৱিক দামবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ লোক

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ : লক্ষ্মী পূজাৰ আগে আগে ধুবুৰীত শাক-পাচলিকে ধৰি পিঁয়াজৰ অস্বাভাৱিক মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মাথোঁ ১৫ দিনতেই ধুবুৰীৰ বজাৰত পিঁয়াজৰ খুচুৰা দৰ কেজিত ২৫ টকাকৈ বৃদ্ধি পাইছে। বৰ্তমানে ধুবুৰীত প্ৰতি কেজি পিঁয়াজৰ খুচুৰা মূল্য হৈছেগৈ ৬০ টকা। ইপিনে, স্থানীয় খুচুৰা ব্যৱসায়ীসকলে পিঁয়াজৰ মূল্য বৃদ্ধিৰ কাৰণৰ কোনোধৰণৰ সদুত্তৰ দিব নোৱাৰিলেও পাইকাৰী দৰ বঢ়া বাবে তেওঁলোকেও দাম বঢ়াবলগীয়া হোৱা বুলি যুক্তি প্ৰদৰ্শন কৰিছে। বৰ্তমানে ধুবুৰীৰ নিউ মাৰ্কেটৰ চবজি বজাৰত ফুলকবি আৰু জলকীয়াৰ খুচুৰা দৰ শতকৰ ঘৰ স্পৰ্শ কৰাৰ বিপৰীতে ধনিয়াৰ খুচুৰা মূল্য হৈছেগৈ প্ৰতি কেজিত ৪শ টকা। আনহাতে, ফুলকবিৰ দৰ হৈছে কেজিপতি ১০০-১২০ টকা। অনুৰূপে জলকীয়াৰ খুচুৰা মূল্য হ’ল কেজিত এশ টকা। বজাৰখনত বৰ্তমানে বেঙেনাৰ খুচুৰা মূল্য হ’ল প্ৰতি কেজিত ৭০ টকা, পটল ৭০/৮০ টকা, মূলা ৬০ টকা, ভেণ্ডি ৬০ টকা, বন্ধাকবি ৫০ টকা আৰু তিয়ঁহৰ খুচুৰা মূল্য হৈছেগৈ কেজিত ৫০ টকা। আনহাতে, মজলীয়া আকাৰৰ লাওৰ দাম ৫০ৰ পৰা ৬০ টকা হোৱাৰ বিপৰীতে আঠীয়া কলৰ কলডিল এটাৰ দাম হ’ল ৬০ৰ পৰা ৭০ টকা। স্বাভাৱিকভাৱেই পূজাৰ এই বতৰত শাক-পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত জুৰুলা হ’বলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ আৰু পূজা-পাৰ্বণ আহিলেই ধুবুৰীত চবজিৰ অস্বাভাৱিক দাম বাঢ়ে বুলিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বহুতে। সমান্তৰালকৈ ধুবুৰীৰ চবজিৰ পাইকাৰী আৰু খুচুৰা বজাৰখন প্ৰশাসন আৰু ধুবুৰীৰ যোগান বিভাগৰ নিয়ন্ত্ৰণত নাই নেকি বুলিও উচ্চাৰিত হৈছে প্ৰশ্ন।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like