নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাতৃৰ শৰীৰৰ ওপৰেৰে ৮বাৰ ট্রেক্টৰ চলালে ককায়েকে

🔹 ৰাজস্থানত শিহৰণকাৰী হত্যাকাণ্ড

বিশেষ বাৰ্তা, ২৬ অক্টোবৰ : ভূমি বিবাদত ভাতৃক নৃশংসভাৱে হত্যা কৰিলে ককায়েকে৷ ৰাজস্থানৰ ভৰতপুৰত ভাতৃক মাটিত পেলাই ট্রেক্টৰেৰে মহটিয়াই হত্যা কৰিলে ককায়েকে৷ এবাৰ দুবাৰ নহয়, আঠবাৰকৈ ভাতৃৰ শৰীৰৰ ওপৰেৰে ট্রেক্টৰ চলালে ককায়েকে৷ প্রত্যক্ষদর্শীৰ বক্তব্য অনুসৰি যেতিয়ালৈকে মৃত্যু নিশ্চিত হোৱা নাছিল, তেতিয়ালৈ ভাতৃৰ দেহৰ ওপৰেৰে ট্রেক্টৰ চলাইছিল ককায়েকে৷ কালি এই নৃশংস ঘটনা সংঘটিত হোৱাৰ পিছতে অভিযুক্ত দামোদৰ সিঙক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ নিহত যুৱকৰ নাম নিৰপাত সিং৷ দীর্ঘদিন ধৰি বাহাদুৰ সিং আৰু আতৰ সিঙৰ পৰিয়ালৰ মাজত সামান্য ভূমিক লৈ বিবাদ চলি আহিছিল৷ বাহাদুৰ আৰু আতৰ দুই ভাই৷ বাহাদুৰৰ পুত্র দামোদৰ আৰু আতৰ সিঙৰ পুত্র নিৰপাত৷ যি ভূমিক লৈ বিবাদ চলি আছিল, তাত ট্রেক্টৰ লৈ উপস্থিত হয় বাহাদুৰৰ পৰিয়ালৰ কেইবাজনো সদস্য ৷ খবৰ পাই আতৰৰ পৰিয়ালৰ লোকো ঘটনাস্থলীত উপস্থিত হয়৷ ইয়াৰ পিছতে আৰম্ভ হয় সংঘর্ষ৷ স্থানীয় লোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি, লাঠী, ৰড লৈ উভয় পক্ষ সংঘর্ষত লিপ্ত হয়৷ আনকি গুলীৰ শব্দও শুনিবলৈ পায় স্থানীয় লোকে৷ সংঘর্ষৰ মাজতে মাটিত পৰি যোৱা নিৰপাতৰ ওপৰেৰে দামোদৰে ট্রেক্টৰ চলায়৷ এই ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷

You might also like