নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা নাথাকে বিৰোধী ঐক্যমঞ্চ : বদৰুদ্দিন আজমল

🔹 বিৰোধী ঐক্যমঞ্চত নাথাকিলেও ‘INDIA’লৈ সমৰ্থন এআইইউডিএফৰ  

বিশেষ বাৰ্তা, ২৬ অক্টোবৰ : বিৰোধী ঐক্যমঞ্চৰ মিটিং সন্দৰ্ভত আজি সৰৱ হৈ পৰে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল। সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত এ আই ইউ এফৰ মুৰব্বী বদৰুদ্দিন আজমলে কয়- আজি মিটিং আছে নেকি। কোন, বিৰোধী ঐক্যটো কি হয় ? আজি ৪টা বজাত খবৰ লওক, আজি এই মিটিংটো লাষ্ট। আজি আসন ভাগ-বাটোৱাৰাক লৈ এই বিৰোধী ঐক্য মঞ্চ শেষ হৈ যাব। আজিৰ পৰা নাথাকে বিৰোধী ঐক্য মঞ্চ। তদুপৰি তেওঁ কয়- বিৰোধী ঐক্যমঞ্চত এ আই ইউ ডি এফ নাথাকিলেও ‘INDIA’ক সমৰ্থন কৰিম। ইয়াৰ বাবে লিখিতভাৱে ‘INDIA’ৰ নেতৃত্বক অৱগত কৰিম। আসন ভাগ-বাটোৱাৰাক লৈ আজমলে কয় যে অসমত লোকসভাৰ আসন ১৪খন আছে। অথচ প্ৰতিখন আসনৰ বাবেই প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে কংগ্ৰেছে। এইবিলাকৰ বাবেই শেষ হ’ব ঐক্যমঞ্চ। বৰ্তমান ৰাজ্যত এ আই ইউ ডি এফ হৈছে কংগ্ৰেছৰ বিকল্প। তদুপৰি আন এক বিষয়ত কংগ্ৰেছক কটাক্ষ কৰি আজমলে কয়- চৰে চৰে কেনেকৈ যাব কংগ্ৰেছ। বিগত ৭৫ বছৰত সংখ্যালঘুৰ বাবে কি কৰিলে কংগ্ৰেছে। কংগ্ৰেছৰ শাসনতেই স্থাপন হ’ল ডিটেনচন কেম্প। বিশ্বৰ ভিতৰতে বৃহৎ ডিটেনচন কেম্প নিৰ্মাণ কৰিলে প্ৰয়াত তৰুণ গগৈয়ে। ডিটেনচন কেম্পত সংখ্যালঘু মহিলাই সৰ্বাধিক। আনহাতে, অলপতে মুছলমান সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা আজমল আজিও নিজৰ মতত অটল বুলি স্পষ্ট কৰি দিয়ে।

You might also like