নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হামাছক ‘সন্ত্রাসবাদী’ ঘোষণা কৰক ভাৰতে

🔹 মোদী চৰকাৰক ইজৰাইলৰ ৰাষ্ট্রদূত গিলনৰ অনুৰোধ

বিশেষ বাৰ্তা, ২৬ অক্টোবৰ : পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছক ‘সন্ত্রাসবাদী সংগঠন’ হিচাপে ঘোষণা কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰত আবেদন জনাইছে ইজৰাইলৰ ৰাষ্ট্রদূত নৌৰ গিলনে৷ অর্থাৎ মোদী চৰকাৰে পেলেষ্টাইনী সশস্ত্র সংগঠনটোক সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰি নিষিদ্ধ কৰিব লাগে বুলি ইজৰাইলী ৰাষ্ট্রদূতগৰাকীয়ে দাবী জনাইছে৷ ইয়াৰ উপৰি ৭ অক্টোবৰত হামাছৰ আক্রমণৰ পিছত দৃঢ়ভাৱে ইজৰাইলৰ পক্ষত অৱস্থান গ্রহণ কৰাৰ বাবে মোদী চৰকাৰৰ প্রতি কৃতজ্ঞতাও জনাইছে ভাৰতত থকা ইজৰাইলী ৰাষ্ট্রদূত গিলনে৷ আজি এখন সংবাদ মেলত গিলনে উল্লেখ কৰে যে ভাৰতে এই মুহূর্তত হামাছক আনুষ্ঠানিকভাৱে সন্ত্রাসবাদী সংগঠন হিচাপে চিহ্ণিত কৰা প্রয়োজন৷ আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন দেশে ইতিমধ্যে পেলেষ্টাইনী সশস্ত্র সংগঠনটোক সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে বুলিও সংবাদ মেলত গিলনে উল্লেখ কৰে৷ বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশ ভাৰত ইজৰাইলৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ বুলিও মন্তব্য কৰে গিলনে৷

You might also like