নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দ্বিতীয় বিবাহত নিষেধাজ্ঞা

🔹 অনুমতিসাপেক্ষেহে কৰিব পাৰিব দ্বিতীয় বিবাহ

বিশেষ বাৰ্তা, ২৬ অক্টোবৰ : চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে দ্বিতীয় বিবাহ সম্পৰ্কীয় নিষেধাজ্ঞা আৰোপ কৰিলে চৰকাৰে। চৰকাৰী পুৰুষ কৰ্মচাৰীয়ে কৰিব নোৱাৰিব দ্বিতীয় বিবাহ। মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰতো কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। মহিলা কৰ্মচাৰীয়ে বিবাহিত পুৰুষৰ সৈতে কৰিব নোৱাৰিব বিবাহ। অন্যথা ই আইনগতভাৱে দণ্ডনীয় হ’ব। বিভাগীয় শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হব লাগিব আইন ভংগ কৰা ব্যক্তি। ধৰ্মীয় আইনে অনুমতি দিলেও কৰিব নোৱাৰিব দ্বিতীয় বিবাহ। দ্বিতীয় বিবাহ কৰাৰ পূৰ্বে কৰ্মচাৰীয়ে ল’ব লাগিব চৰকাৰৰ পৰা অনুমতি। অন্যথা লোৱা হ’ব শাস্তিমূলক ব্যৱস্থা। দ্বিতীয় বিবাহৰ অনুমতি লোৱাৰ ক্ষেত্ৰত প্ৰথম বিবাহখন বিফল হোৱাৰ কাৰণ জনাব লাগিব। এই সন্দৰ্ভত এখন বিশেষ জাননী জাৰি কৰা হৈছে।

You might also like