নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হঠাৎ আকৌ চৰ্চালৈ পিঁয়াজ…

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ অক্টোবৰ : জীৱনদায়িনী ঔষধৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্রীলৈকে হোৱা দামবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাই আহিছে৷ ইয়াৰ মাজতে পুনৰ হোৰাহোৰে দাম বৃদ্ধি হৈছে পিঁয়াজৰ ৷ হঠাৎ খুচুৰা বজাৰত প্রতি কিলোগ্রাম পিঁয়াজৰ মূল্য ১৫ টকা পর্যন্ত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এদিন পূর্বলৈকে বজাৰত পিঁয়াজ প্রতিকিলোগ্রাম ৪৫ৰ পৰা ৫০ টকাত বিক্রী হৈ আছিল ৷ কিন্তু আজি বজাৰত প্রতি কিলোগ্রাম পিঁয়াজৰ দাম ৫৫ৰ পৰা ৬০ টকালৈ বৃদ্ধি পাইছে৷ খুচুৰা ব্যৱসায়ীসকলে প্রকাশ কৰা অনুসৰি পাইকাৰী দামবৃদ্ধি পোৱাৰ বাবে পিঁয়াজৰ দাম নিশাটোৰ ভিতৰতে তেওঁলোকে বৃদ্ধি কৰিবলগীয়া হৈছে৷ কিন্তু কি কাৰণত হঠাৎ পাইকাৰী বজাৰত পিঁয়াজৰ দাম বৃদ্ধি পালে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ অৱশ্যে আলু, পিঁয়াজৰ দামবৃদ্ধি এয়ে প্রথম নহয়৷ ইয়াৰ পূর্বেও ৰাজ্যৰ যোগান বিভাগৰ অস্তিত্বহীনতাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে আলু, পিঁয়াজৰ দাম বৃদ্ধি কৰি আহিছে৷ যাৰ কুফল সাধাৰণ ৰাইজে ভোগ কৰিবলগীয়া হৈছে৷ বজাৰত আলু, পিঁয়াজ তথা অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ দাম বৃদ্ধি হ’লে যোগান বিভাগৰ বিষয়াসকলে বজাৰে বজাৰে ঘূৰি ফুৰা পৰিলক্ষিত হোৱাৰ লগতে কেতবোৰ নির্দেশনা প্রদান কৰে৷ কিন্তু কার্যতঃ তেওঁলোকৰ সেই নির্দেশনা ব্যৱসায়ীসকলে পালন কৰা পৰিলক্ষিত নহয়৷ পুনৰ বিভাগটোৰ অস্তিত্বহীনতাৰ সুযোগ লৈয়েই খুচুৰা বজাৰত পিঁয়াজৰ দাম বৃদ্ধি পালে নেকি বুলিও ৰাইজৰ মনত প্রশ্ণৰ উদয় হৈছে৷ অৱশ্যে সাধাৰণ জনতাক সকাহ দিবলৈ চৰকাৰৰ এই বিয়াগোম বিভাগটোৱে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like