নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনিয়োগকাৰীয়ে ২৪ ঘণ্টাত হেৰুৱালে ৫.৮ লাখ কোটি টকা

🔹 ছেনছেক্সত খহনীয়া

বিশেষ বাৰ্তা, ২৭ অক্টোবৰ : দেশৰ শ্বেয়াৰ বজাৰত খহনীয়া অব্যাহত আছে৷ ছেনছেক্সত অভাৱনীয় পতন ঘটি বিনিয়োগকাৰীয়ে ৫.৮ লাখ কোটি টকা হেৰুৱাবলগীয়া হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ কোষাগাৰৰ স্থিতিৰ অনিশ্চয়তা আৰু বিশ্বৰ ভূ–ৰাজনৈতিক উত্তেজনাৰ পৰিপ্রেক্ষিততে দেশৰ লগতে আন্তর্জাতিক শ্বেয়াৰ বজাৰতো পতন অব্যাহত আছে৷ ২৪ ঘণ্টাত ভাৰতত বিনিয়োগকাৰীয়ে ৫.৮ লাখ কোটি টকা হেৰুওৱাৰ লগতে ৫ দিনৰ ভিতৰত বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰত ১৫ লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছে৷ কালি বজাৰ আৰম্ভ হোৱাৰ পিছতে বিএছই ছেনছেক্সত শ্বেয়াৰ বজাৰত খহনীয়া আৰম্ভ হয় আৰু বজাৰ সামৰণি পৰালৈকে বিএছই ছেনছেক্স ৮১১.১৯ পইণ্ট নিম্নগামী হৈ বিএছই ছেনছেক্স ৬৩,২৩৭.৮৭ত সামৰণি পৰে৷ তেনেদৰে এনএছই নিফটী ২৪৬ পইণ্ট নিম্নগামী হৈ ১৮,৯০০ত বজাৰ সামৰণি পৰে৷ বৃহস্পতিবাৰৰ দিনটো শ্বেয়াৰ বজাৰৰ বাবে অভাৱনীয় লোকচানৰ দিন হিচাপে পৰিগণিত হৈছে৷ বিগত ৮ মাহৰ ভিতৰত বৃহস্পতিবাৰৰ দিনটো ছেনছেক্সৰ সবাতোকৈ লোকচানৰ দিন৷ লক্ষণীয় যে বেংকিং খণ্ডৰ পৰা বিত্তীয় প্রতিষ্ঠান, যান–বাহনৰ পৰা তথ্য–প্রযুক্তি খণ্ডকে ধৰি সকলো খণ্ডতে ছেনছেক্সত নেতিবাচক প্রভাৱ পৰে৷

You might also like