নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ নৱেম্বৰৰ ভিতৰত অবৈধ শৰণার্থীক খেদিব পাকিস্তানে

বিশেষ বাৰ্তা, ২৭ অক্টোবৰ : অবৈধভাৱে পাকিস্তানত বাস কৰি থকা প্রব্রজনকাৰী লোকসকলক আগন্তুক পহিলা নৱেম্বৰৰ ভিতৰত দেশ এৰিবলৈ চৰম সময়সীমা বান্ধি দিলে পাক চৰকাৰে৷ যিসকল শৰণার্থীয়ে স্ব–ইচ্ছাই পাকিস্তান ত্যাগ কৰিব বিচাৰে, তেওঁলোকক এইক্ষেত্রত সহায় কৰিব বুলি পাক প্রশাসনে ঘোষণা কৰিছে৷ উল্লেখনীয় যে লাখ লাখ আফগান শৰণার্থীয়ে অবৈধভাৱে পাকিস্তানত বসবাস কৰি থকা বুলি দেশখনৰ চৰকাৰে অভিযোগ কৰিছে৷ দেশখনৰ তদাৰকী গৃহমন্ত্রী ছৰফৰাজ বুগ্তিয়ে এখন সংবাদ মেলত উল্লেখ কৰিছে যে নথিহীনভাৱে থকা প্রব্রজনকাৰী লোকসকলে ১ নৱেম্বৰৰ ভিতৰত পাকিস্তান ত্যাগ কৰিব লাগিব৷

You might also like