নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশ্বক্লান্ত দেৱালয়ত হেমন্ত চৌধুৰীৰ জন্মদিন উপলক্ষে বৃক্ষৰোপণ

🔹 মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ জন্মদিনত সম্বৰ্ধনা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, উত্তৰ গুৱাহাটী, ২৮ অক্টোবৰ : উত্তৰ গুৱাহাটী অশ্বক্লান্ত দেৱালয়ত আজি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক হেমন্ত চৌধুৰীৰ জন্মদিন উপলক্ষে বৃক্ষৰোপণ কৰা হয়। প্ৰথমে চৌধুৰীয়ে অশ্বক্লান্ত দেৱালয়ত সেৱা লয়। সেৱা লোৱাৰ  পিছতে দেৱালয় চৌহদত জন্মদিন উপলক্ষে চৌধুৰীয়ে দুটা বকুল গছৰ পুলি ৰোপণ কৰে । বৃক্ষৰোপণৰ পিছতে স্থানীয় দল-সংগঠনে স্বত:স্ফূৰ্তভাৱে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। জনহিতাৰ্থে, আত্মোসৰ্গিতভাৱে সেৱা আগবঢ়াই অহা কৰ্ম উদ্যোগী হেমন্ত চৌধুৰীক উত্তৰ গুৱাহাটীৰ বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে জন্মদিনৰ ওলগ জনায়। জন্মদিন উপলক্ষে আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত  নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ সম্পাদক কৌশিক দাসে আঁত ধৰা অনুষ্ঠানত ফ’ৰামৰ হৈ সহকাৰী সম্প‍াদক নিতোপম মেধি, কামৰূপ জিলা সাঁতোৰ সন্থাৰ সাধাৰণ সম্প‍াদক মুকুটেশ্বৰ গোস্বামী, অসম বিজ্ঞান সমিতিৰ উত্তৰ গুৱাহাটী শাখাৰ সভাপতি থানেশ্বৰ শৰ্মা, উত্তৰ গুৱাহাটী স্বৰ্ণ শাখা সাহিত্য সভাৰ উপ-সভাপতি তথা অসম চৰকাৰৰ অ’বিচি ব’ৰ্ড কামৰূপ জিলাৰ উপাধ্যক্ষ জয়ন্ত কুমাৰ নাথ, উত্তৰ গুৱাহাটীৰ পৌৰসভা পাৰিষদ ক্ৰমে অনামিকা ডেকা, বনমালী ভৰালী, অমিয়া দাস, কামৰূপ জিলাৰ ক্ৰীড়া সন্থাৰ কৰুণা শইকীয়া, জয়ন্ত কুমাৰ ভৃঞা, নিতুমণি দাসৰ লগতে স‍াংবাদিক ক্ৰমে  গোবিন্দ দাস, কুমুদ ত‍ালুকদাৰ, প্ৰবীণ দাস, অনুপ দাস, বসন্ত কোঁৱৰ, মধুমাধৱ দাস প্ৰমুখ্যে প্ৰশান্ত দাস, দ্বীপ বড়া, পংকজ নাথ, নপূৰ দাস, বৰষা দাস, মৌচুমী দাসৰ লগতে অশ্বক্লান্ত দেৱালয়ৰ মন্দিৰৰ লগতে কেইবাটাও  দল-সংগঠনৰ প্ৰতিনিধিয়ে সম্বৰ্ধনা জনায়।

You might also like