নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 ইচ্ছাকৃতভাৱে দলক হৰুৱাইছে শ্বাহিনে…

🔹 দ্বিবিভক্ত পাকিস্তান দল

বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : দক্ষিণ আফ্রিকাৰ হাতত পৰাজিত হৈ প্রতিযোগিতাৰ পৰা একপ্রকাৰ বিদায় লৈছে পাকিস্তানে৷ ইয়াৰ মাজতে দলৰ ভিতৰৰ তিক্ত পৰিৱেশ পোহৰলৈ আহিছে৷ একাধিক ক্রিকেটাৰৰ মাজত মনোমালিন্য ঘটিছে৷ কালি মহম্মদ নৱাজৰ বলত চাৰি কোবাই দক্ষিণ আফ্রিকাক বিজয় উপহাৰ দিয়ে কেশৱ মহাৰাজে৷ ইয়াৰ পূর্বে দক্ষিণ আফ্রিকাৰ বলাৰসকলক সন্মুখত পায়ো উইকেট ল’ব নোৱাৰিলে পাকিস্তানী বলাৰসকলে৷ মহাৰাজে বাউণ্ডেৰী কোবোৱাৰ লগে লগে খঙত অগ্ণিশর্মা হৈ পৰা বাবৰে বলাৰসকলক উদ্দেশ্যি কিবা কোৱা শুনা যায়৷ নৱাজেও তাৰ প্রত্যুত্তৰ দিয়া দেখা গৈছিল৷ অৱশ্যে বিষয়টো সিমানতে শেষ হোৱা নাই৷ পাকিস্তানৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দলটো হেনো দুভাগত বিভক্ত হৈছে৷ এটা পক্ষ আছে বাবৰৰ সৈতে আৰু আনটো পক্ষ শ্বাহিন আফ্রিদীৰ সৈতে৷ নৱাজ হেনো শ্বাহিনৰ দলত আছে৷ সেইবাবে ইচ্ছাকৃতভাৱে বেয়া বলিং কৰি তেওঁ দলক পৰাজিত কৰোৱা বুলি অভিযোগ কৰিছে বাবৰে৷ তেওঁৰ অভিযোগ অনুসৰি, বিশ্বকাপৰ ইতিহাসত তেওঁ যাতে পাকিস্তানৰ আটাইতকৈ দুর্বল অধিনায়ক হিচাপে পর্যবসিত হয়, তাৰ বাবে সকলোধৰণৰ চেষ্টা কৰা হৈছে৷ জানিব পৰা মতে, শ্বাহিনে পাকিস্তানৰ পৰৱর্তী অধিনায়ক হোৱাৰ চেষ্টা চলাইছে৷ সেইবাবে তেওঁ দললৈ আনিছে কেইবাজনো সতীর্থক৷ বাবৰে অভিযোগ কৰি কয় যে নিজকে অধিনায়ক হিচাপে দাঙি ধৰিবৰ বাবে শ্বাহিনে সকলো ধৰণৰ চেষ্টা কৰিছে৷ যাৰ বাবে তেওঁ ইচ্ছাকৃতভাৱে মেচত দলক হৰুওৱাৰ বাবে পার্যমানে চেষ্টা চলাইছে৷ অৱশ্যে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে শ্বাহিনেই শ্রেষ্ঠ বলিং উপহাৰ দিছিল৷

You might also like