নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন ক্রিকেটাৰ আজাহাৰুদ্দিন জুবিলী হিলছৰ প্রার্থী 

🔹 তেলেংগানাত কংগ্রেছৰ দ্বিতীয় প্রার্থী তালিকা

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : তেলেংগানা বিধানসভা নির্বাচনক লৈ কংগ্রেছে দ্বিতীয়খন তালিকাত ৪৫ প্রার্থীৰ নাম ঘোষণা কৰিছে৷ এই তালিকাত প্রাক্তন ক্রিকেটাৰ মহম্মদ আজাহাৰুদ্দিনক জুবিলী হিলছৰ প্রার্থী হিচাপে তালিকাভুক্ত কৰাৰ বিপৰীতে প্রাক্তন সাংসদ মধুগৌড় ৱাক্ছি লালবাহাদুৰ নগৰ, পুনম প্রভাকৰ হুছনবাদ, কান্দি শ্রীনিৱাস ৰেড্ডী, আদিলাবাদ, টুমলা নাগেশ্বৰ ৰাও খামাম আৰু কে ৰাজগোপাল ৰেড্ডীক মুনু গোড়েৰ প্রার্থী হিচাপে দলটোৱে প্রক্ষেপ কৰিছে৷ এই দ্বিতীয় তালিকাক লৈ ১১৯জনীয়া বিধানসভাত কংগ্রেছে ১০০ প্রার্থীৰ নাম ঘোষণা কৰিলে৷

You might also like