নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাই ম’বাইল-ইণ্টাৰনেট সেৱা : বিশ্বৰ সৈতে বিচ্ছিন্ন গাজাবাসী

🔹 আকাশমার্গৰ সমান্তৰালকৈ স্থলভাগেৰেও অভিযান চলাইছে ইজৰাইলী সেনাই

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : হামাছ সন্ত্রাসবাদীক সমূলঞ্চে বিনাশ কৰাৰ লক্ষ্যৰে গাজাত আকাশীমার্গৰ সমান্তৰালকৈ স্থলভাগেৰেও আক্রমণ অব্যাহত ৰাখিছে ইজৰাইলী সেনাই৷ বিগত দুদিন ধৰি গাজাৰ দক্ষিণ প্রান্তত শ শ টেংক লৈ ইজৰাইলী সেনাই স্থলভাগেৰে হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে৷ ইয়াৰ সমান্তৰালকৈ আকাশীমার্গেৰেও ইজৰাইলী সেনাই বোমা ৰকেটেৰে হামাছৰ ঘাটি বিধ্বস্ত কৰি আছে৷ ধ্বংসস্তূপত পৰিণত হোৱা গাজাত এতিয়া নাই ম’বাইলৰ সেৱা, নাই ইণ্টাৰনেট৷ ইয়াৰ পৰিপ্রেক্ষিতত বিশ্বৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে গাজাবাসী৷ ইজৰাইলী সেনাৰ আক্রমণৰ বাবে গাজাৰ লাখ লাখ লোকে দুর্বিসহ জীৱন কটাই আছে৷ ইপিনে, ইজৰাইলী সেনাই আকাশ–স্থলভাগেৰে আক্রমণ তীব্র কৰি তোলাত হামাছ সন্ত্রাসবাদীয়ে ইয়াৰ প্রত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ দিছে৷ ইজৰাইলী সেনাৰ আক্রমণত হামাছৰ আকাশ অভিযানৰ মুৰব্বী দুর্ধর্ষ সন্ত্রাসবাদী অসীম আবু ৰাকাবা নিহত হোৱা বুলি প্রকাশ পাইছে৷ ইজৰাইলৰ আক্রমণত সন্ত্রাসবাদীক নেতৃত্ব দিয়া ৰাকাবাক পৰহি নিশা ইজৰাইলী বায়ুসেনাই ৰকেটেৰে আক্রমণ কৰি হত্যা কৰিবলৈ সক্ষম হৈছে৷ গাজাৰ দক্ষিণ প্রান্তৰ চহৰ বেইট হানুনৰ লগতে অল বুৰেজিত ইজৰাইলী সেনাৰ সৈতে হামাছ সন্ত্রাসবাদীয়ে যুদ্ধ চলাই আছে৷ স্থলভাগেৰে অভিযান চলোৱা ইজৰাইলী সেনাই ডেৰশতকৈ অধিক হামাছৰ ভূ–গর্ভস্থ সুৰংগ ধ্বংস কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে যোৱা ৭ অক্টোবৰত হামাছ সন্ত্রাসবাদীয়ে ইজৰাইলৰ ওপৰত ৰকেটেৰে আক্রমণ চলোৱাৰ লগতে স্থলভাগেৰে আক্রমণ চলোৱাত ১৪০০তকৈ অধিক ইজৰাইলী লোক নিহত হৈছে৷ ইয়াৰ প্রত্যুত্তৰত ইজৰাইলী সেনাই গাজাত আক্রমণ চলোৱাত ৩ হাজাৰ শিশুসহ ৭ সহস্রাধিক লোকে প্রাণ হেৰুৱাইছে৷ কেইবাসহস্র লোক আহত হৈছে৷ আনহাতে, হামাছ সন্ত্রাসবাদীৰ হাতত ইজৰাইলকে ধৰি বিদেশী ৰাষ্ট্রৰ ২০০তকৈ অধিক লোক পণবন্দী হৈ আছে৷ পণবন্দীসকলৰ ভিতৰত শিশু–মহিলাই সর্বাধিক৷

You might also like