নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

বিশেষ বাৰ্তা, ৩০ অক্টোবৰঃ অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন সোমবাৰে অনুষ্ঠিত হৈ যায়। এই সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়। বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ এ কে পানছাৰীয়ে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ পৰিদৰ্শক গোলাব চান্দ কাটাৰিয়াৰ অনুমতিৰ পাছতেই সমাৱৰ্তন সমাৰোহ উদ্বোধন কৰে। সমাৱৰ্তন সমাৰোহত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। উপ ৰাষ্ট্ৰপতিয়ে ভাষণত কয় যে তেওঁ ৰয়েল গ্লোবল বিশ্ববিদ্যালয়ৰ অন্ত:গাথঁনি দেখি অভিভূত হৈ পৰিছে আৰু লগতে তেওঁ উল্লেখ কৰে যে এই বিশ্ববিদ্যালয়খন ভৱিষ্যতে বহু আগুৱাই যাব আৰু এক নতুন দিগন্ত ৰ সূচনা কৰিব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্রীয় শিক্ষা নীতি সফলতাৰে ৰূপায়ন কৰিবলৈ আহ্বান জনায়। আৰু ভাষণগত চন্দ্ৰযান-৩ৰ সফলতাৰ বাবে বিজ্ঞানীসকলক উচ্চ প্ৰশংসা কৰে। বিশ্ববিদ্যালয়খনৰ তৃতীয় সমাৱৰ্তনত মুঠ ১১৯৭গৰাকী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হ’ব।ইয়াৰ লগতে ৪২টা স্বৰ্ণ, ৪৫টা ৰূপৰ পদক, লগতে ৪গৰাকীক প্ৰদান কৰা হয় ছিলভাৰ সন্মান। শৈক্ষিকৰ লগতে অন্যান্য দিশসমূহত দেখুৱা পাৰদৰ্শিতাৰ বাবে আচাৰ্যৰ বিশেষ স্বৰ্ণ পদক এইবেলি লাভ কৰিছে স্নাতক ছাত্র ছাত্ৰীসকলৰ পৰা ৰুদ্ৰানী গাৰ্গ আৰু স্নাতকোত্তৰ ছাত্ৰী ছাত্ৰীসকলৰ পৰা দিশা চৌধুৰীয়ে। সমাৱৰ্তন সমাৰোহত আৰম্ভণিতে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক এছ পি সিঙে বছৰটোৰ বিশ্ববিদ্যালয়খনৰ বিকাশৰ এক সামগ্ৰিক প্ৰতিবেদন পাঠ কৰে। সমাৱৰ্তন সমাৰোহত ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে সমাৱৰ্তন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ দীঘলীয়া সাধনাৰ উচ্চতম বিন্দু। তেওঁ লগতে উপ ৰাষ্ট্ৰপতিগৰাকীক যুৱ শক্তিক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে উল্লেখ কৰে যে কেৱল জ্ঞানেই এখন দেশ আৰু অধিক সমৃদ্ধশীল হোৱাৰ মূল কাৰক। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সফলতা হৈছে আধ্যাত্মিকতা আৰু দৰিদ্ৰৰ প্ৰতি সহমৰ্মিতাৰ সংমিশ্ৰণ। ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই ছাত্র ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰা লগতে অধ্যাপক সকলক তেওঁলোকৰ অৱদানৰ বাবে উচ্চ প্ৰশংসা কৰে। শক্তিশালী মানৱ সম্পদ গঢ়াত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় লগতে আচাৰ্য ডঃ এ কে পানছাৰীক প্ৰশংসা কৰে। এওঁ শক্তিশালী মানৱ সম্পদে দেশৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেওঁলোকে ভাৰতক বিশ্ব গুৰৰ স্থানত পুনৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব।এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগু, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছা , মুখ্য সচিব পৱন বৰঠাকুৰ। সমাৱৰ্তন অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ এ কে পানছাৰীয়ে উত্তীৰ্ণ ছাত্র ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰি ব্যক্ত কৰে যে এতিয়াহে তেওঁলোকৰ প্রকৃত যাত্ৰাৰ আৰম্ভনি হৈছে। তেওঁ লগতে উল্লেখ কৰে যে এখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ত উপ ৰাষ্ট্ৰপতিৰ উপস্থিতিয়ে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠানৰ সমতাৰ গুৰুত্বৰ ইংগিত বহন কৰিছে।উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০টো সমতাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে।

#নিয়মীয়া বাৰ্তা ডিজিটেল ডেক্স

You might also like