নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিহুৰ ঘোপা চ’কত বিলাতী সুৰাৰ দোকান মুকলিক লৈ উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত জলখানা ৰাজহ গাঁওৰ ঘোপা চ’কত আজি এখন বিলাতী সুৰাৰ প্ৰতিষ্ঠান মুকলি কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অঞ্চলটোৰ শৈক্ষিক সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ আশংকা কৰি স্থানীয় একাংশ মহিলা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সুৰাৰ প্ৰতিষ্ঠানখন বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে টিহু নগৰৰ এগৰাকী মহিলাই বিলাতী সুৰা প্ৰতিষ্ঠান এখনৰ অনুজ্ঞাপত্ৰ লৈ চ’কটোত স্থাপন কৰা প্ৰতিষ্ঠানখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ লওতে স্থানীয় একাংশ মহিলাই বাধা প্ৰদান কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। চ’কটোৰ নিচেই ওচৰত এখন প্ৰাথমিক বিদ্যালয় আৰু গ্ৰাম্যাঞ্চলৰ আৱাসীৰ সমীপত এখন সুৰাৰ প্ৰতিষ্ঠানখন মুকলি কৰিবলৈ লোৱাৰ অভিযোগ উত্থাপন কৰি মহিলাসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পিছত টিহু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও স্হানীয় একাংশ লোকে সুৰাৰ প্ৰতিষ্ঠানখন মুকলি কৰিবলৈ যিকোনো পৰিস্থিতিতে নিদিয়ে বুলি হুংকাৰ দিয়ে। এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষ তথা মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনায় মহিলা সকলে। পিছত টিহুৰ ৰাজহ চক্ৰ বিষয়াই ঘটনাস্হলীত উপস্থিত হৈ উক্ত সমস্যাৰ বিষয়ে আলোচনাৰ আশ্বাস দিয়াতহে প্ৰতিবাদী মহিলাসকল ক্ষান্ত হয়। উল্লেখ্য যে বিভাগীয় কৰ্তৃপক্ষৰ আওকোনীয়া মনোভাবৰ বাবে চ’কটোত দীৰ্ঘদিনধৰি অবৈধ বিলাটী সুৰা আৰু চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ ফলত অঞ্চলটোৰ বহু পৰিয়ালত অশান্তিক সৃষ্টি হৈ থকাৰ উপৰি বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে সুৰাত আক্ৰান্ত হৈ বহুলোকে ইতিমধ্যে অকালতে মৃত্যু মুখত পৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। এনে পৰিস্থিতিত চ’কটোত অবৈধ বিলাতী সুৰা আৰু চুলাইৰ ঘাটিসমূহ শীঘ্ৰে উচ্চেদ কৰি এক সুনিপুন শৈক্ষিক সমাজিক বাতাবৰণ সৃষ্টি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে অঞ্চলটোৰ সচেতন মহলে।

প্ৰেৰক গুণজিৎ কলিতা

You might also like