নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ : এগৰাকী বিধায়কে জিলা আয়ুক্তলৈ লিখা এখন চিঠিয়ে এতিয়া তীব্ৰ জোকাৰণি তুলিছে দৰং জিলা প্ৰশাসনৰ ভিতৰে বাহিৰে। বিধায়ক বসন্ত দাসে জিলাখনত থকা যৌন কৰ্মীৰ সবিশেষ তথ্য বিচাৰি লিখা চিঠিখনে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।পিছে হঠাতে বিধায়ক গৰাকীৰ যৌন কৰ্মীৰ তথ্য বিচাৰি কিয় এই তৎপৰতা!আচলতে দৰং জিলা ভৰি আছে ৬১৬ গৰাকী যৌন কৰ্মীৰে।শুনি আচৰিত যেন লাগিলেও খোদ জিলা প্ৰশাসনৰ তথ্যত উন্মোচন হৈছে এই সংখ্যা।পিছে এই তথ্যক লৈ সাধাৰণ ৰাইজৰ কথাটো দূৰৰে কথা খোদ শাসকীয় দলৰ বিধায়কো আশ্বস্ত নহয়। যৌন কৰ্মীৰ এই বৃহৎ সংখ্যা উন্মোচিত হ’লেও দৰং প্ৰশাসনে প্ৰকাশ কৰিব পৰা নাই সবিশেষ। উল্লেখযোগ্য যে এই বাণিজ্যিক যৌনকৰ্মী সকলৰ ভৰণ পোষণৰ নামত দৰং জিলা প্ৰশাসনে ব্যয় কৰিছে প্ৰায় ১৫ লাখ টকা। এই বিশাল সংখ্যাৰ যৌনকৰ্মীক ক’ভিডৰ সময়ছোৱাত খাদ্য যোগান ধৰাৰ নামত মুঠ দৰং জিলা প্ৰশাসনে ১৫ লাখ টকা ব্যয় কৰা বুলি শেহতীয়া ভাবে প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ জিলা জুৰি সৃষ্টি হৈছে প্ৰতি ক্ৰিয়াৰ। তথ্য অনুসৰি ২০২০ – ২০২১ বৰ্ষত দুই লাখ ৫০ হাজাৰ টকা আৰু ২০২১ – ২০২২ বৰ্ষত ১২ লাখ ৩৩ হাজাৰ ২৩২ টকা সহ মুঠ ১৪, ৮৩, ২৩২ টকা ব্যয় এই যৌনকৰ্মী সকলৰ নামত ব্যয় কৰা হৈছে। কিন্তু প্ৰশাসনৰ এই তথ্য কোনো কাৰণতে সহজ ভাবে ল’ব পৰা নাই সাধাৰণ ৰাইজে। ইফালে প্ৰশাসনে প্ৰকাশ কৰা এই তথ্যত জাঙুৰ খাই উঠিছে খোদ শাসকীয় দলৰেই বিধায়ক ড০ পৰমানন্দ ৰাজবংশী। বিশেষকৈ যদি এয়া প্ৰকৃতাৰ্থত সচা হয় তেতিয়া দৰং বাসীৰ বাবেই বিষয়টো অতি লজ্জাজনক আৰু চিন্তনীয় বুলি উল্লেখ কৰে।যাৰ বাবে এই তথ্য সবিস্তাৰে প্ৰকাশ কৰিব লাগিব বুলিও দাবী কৰে।এইটো দৰঙৰ আত্মসন্মানৰ লগত জড়িত বিষয় বুলি দোহাৰি স্পৰ্শ কাতৰ বিষয়টো সহজতে এৰি দিব নোৱাৰি বুলি প্ৰকাশ কৰে। আনহাতে জানিব পৰা মতে বিধায়ক বসন্ত দাসে ইতিমধ্যে সবিশেষ তথ্য বিচাৰি জিলা আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে যদিও তথ্য প্ৰকাশ কৰা নাই প্ৰশাসনে। এনে ক্ষেত্ৰত সমগ্ৰ বিষয়টোত এটা বৃহৎ কেলেংকাৰী সংঘটিত হোৱা বুলি দৰং জিলা প্ৰশাসনৰ বিৰূদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এইক্ষেত্ৰত বছৰ বছৰ ধৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চকী খামুচি থকা একাংশ ঘোচ খোৰ কৰ্মচাৰীৰ প্ৰতি পোন পটীয়া অভিযোগ উত্থাপন হৈছে। এনে ক্ষেত্ৰত চৰ্চিত হোৱা বিষয়টো হ’ল জিলাখনত সচাকৈয়ে ইমান সংখ্যক স্বীকৃত যৌন কৰ্মী থকাটো সচানে!জিলা প্ৰশাসনে সবিশেষ তথ্য প্ৰকাশ কৰি এই স্পৰ্শ কাতৰ বিষয়টো পোহৰলৈ আনিব বুলি আশা কৰিছে ৰাইজে।
প্ৰেৰক ৰণজিত কুমাৰ নাথ