নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপ্ৰতিৰোধ্য ভাৰতৰ হাতত ধৰাশায়ী শক্তিশালী দক্ষিণ আফ্ৰিকা

বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : চলিত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মেচখনত ভাৰতীয় দলটোৱে ৩২৭ ৰানৰ লক্ষ্য বান্ধি দিছে প্ৰতিপক্ষক। টছত জিকি প্ৰথমে বেটিং কৰা ভাৰতে কোহলিৰ দৰ্শনীয় শতকৰ সহায়ত ৩২৭ ৰানৰ লক্ষ্য বান্ধি দিয়ে দক্ষিণ আফ্ৰিকাক। উল্লেখ্য যে ৰান মেচিন কোহলিৰ আজি ওপজা দিন। ওপজা দিনটোতে বিৰাটে ভাৰতীয় দলটোৰ ক্ৰিকেট অনুৰাগীক এই ১০১ ৰানৰ সুন্দৰ ইনিংছ উপহাৰ দিয়ে। ইতিমধ্যে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দলটোৰ শ্ৰেয়াৰ আয়াৰেও ৭৭ ৰানৰ এক আক্ৰমণাত্মক ইনিংছ খেলে। মেচখনত ৰোহিত শৰ্মাই ২৪টা বলত ৪০ ৰান কৰি এক সুন্দৰ আৰম্ভণি দিয়ে। ৩২৭ ৰানৰ লক্ষ্য সন্মুখত লৈ খেলপথাৰত নমা দক্ষিণ আফ্ৰিকাই ৮৩ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। ভাৰতীয় বলাৰৰ বিধ্বংসী স্পেলত তচনচ হয় দক্ষিণ আফ্ৰিকাৰ বেটিং লাইন আপ। ভাৰতৰ হৈ জাদেজাই ৫টা উইকেট দখল কৰে।

You might also like