নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম এছিয়ালৈ আমেৰিকাৰ পৰমাণু ছাবমেৰিন প্ৰেৰণ

🔹 ইজৰাইল–হামাছৰ যুদ্ধক লৈ শংকা হোৱাইট হাউছৰ

বিশেষ বাৰ্তা, ৭ নৱেম্বৰ : গাজাত ইজৰাইল আৰু হামাছৰ যুদ্ধ চলি থকাৰ মাজতে পশ্চিম এছিয়ালৈ পাৰমাণৱিক ছাবমেৰিন প্রেৰণ কৰিলে আমেৰিকাই৷ কালি মার্কিন সেনাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি এখন অহিঅ’ শ্রেণীৰ ছাবমেৰিন প্রেৰণ কৰা হৈছে পশ্চিম এছিয়ালৈ৷ মার্কিন চেণ্ড্রেল কমাণ্ডৰ নিয়ন্ত্রণত থাকিব এই ছাবমেৰিনখন৷ ইৰান তথা অন্যান্য দেশৰ পৰা সৃষ্টি হ’ব পাৰে যিকোনো ধৰণৰ ছায়াযুদ্ধ৷ ইয়াক প্রতিহত কৰিবলৈ আমেৰিকাই ছাবমেৰিন প্রেৰণ কৰিছে পশ্চিম এছিয়ালৈ৷ গাইডেড মিছাইল ছাবমেৰিনখন ছুৱেজ খালত প্রৱেশ কৰা বুলি উল্লেখ কৰিছে মার্কিন সেনাই৷ উত্তৰ–পূব কাইৰোৰ সমীপেৰে এই ছাবমেৰিনখন ছুৱেজ খালত প্রৱেশ কৰাৰ পিছত মার্কিন নৌ সেনাৰ অন্যান্য যুদ্ধ সৰঞ্জামৰ সৈতে ইয়াক ৰখা হৈছে৷ উল্লেখনীয় যে ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধই সমগ্র পশ্চিম এছিয়াত সৃষ্টি কৰিছে যুদ্ধৰ আতংক৷

You might also like