অসমৰ সীমান্ত দুখন বহিঃৰাষ্ট্রৰ সৈতে লাগি আছে৷ ইয়াৰে এখন বাংলাদেশ আৰু আনখন ভূটান৷ বাংলাদেশৰ পৰা হৈ থকা অবৈধ অনুপ্রৱেশে জনগাঁথনি তথা অর্থনৈতিক, সামাজিক, সাংসৃকতিক আৰু ৰাজনৈতিক জীৱনৰ ওপৰত পেলোৱা কু–প্রভাৱৰ বাবে বাংলাদেশৰ প্রতি অসমৰ জনসাধাৰণৰ ধাৰণা বৰ বিশেষ ইতিবাচক নহয়৷ বাংলাদেশৰ নাম ল’লে নাক কোঁচোৱা লোক আজিও অসমত কম নোলাব৷ দেশখনৰ পৰা বছৰ বছৰ ধৰি হৈ থকা অবৈধ অনুপ্রৱেশক অৱজ্ঞাও কৰিব নোৱাৰি৷ ভূটানৰ সৈতে অসমৰ তেনে সমস্যা অথবা সংকট নাই৷ হিমালয়ৰ বুকুত অৱস্থিত ক্ষুদ্র ৰাষ্ট্রখনে কেতিয়াও অসম তথা অসমীয়াৰ বাবে ভাবুকিৰ সষ্টি কৰা নাই৷ দেশখনৰ জনসাধাৰণ অসমৰ বাসিন্দাৰ দৰেই শান্তিপ্রিয়৷ দুয়োটা ভূ–খণ্ডৰ জনগণৰ মাজত যুগ যুগ ধৰি সম্প্রীতি আৰু সদ্ভাৱ বিৰাজমান৷ দুয়োটা ভূ–খণ্ডৰ জনসাধাৰণৰ মাজত তাহানিৰ দিনৰে পৰাই ৰাজনৈতিক সম্পর্ক আছে৷ বাণিজ্যিক, সামাজিক সম্পর্কও নিবিড়৷ মাজতে কেইটামান উগ্রপন্থী সংগঠনে ভূটানৰ ভূমিত শিবিৰ পাতি ভাৰতবিৰোধী গতি–বিধি চলাবলৈ লোৱাত অসম আৰু ভূটানৰ মাজত স্বাভাৱিক মৈত্রীপূর্ণ সম্পর্কত কিছু তিক্ততাৰ সৃষ্টি হয়৷ ‘অপাৰেচন অলক্লীয়েৰ’ৰ পিছত লাহে লাহে পৰিস্থিতি স্বাভাৱিক হ’বলৈ ধৰে৷ দুয়োটা অঞ্চলৰ জনসাধাৰণে সেইবোৰ পাহৰি পূর্বৰ দৰেই ভাল প্রতিৱেশী হৈ সন্মুখলৈ আগবাঢ়ি যাবলৈ আৰম্ভ কৰে৷ শেহতীয়াকৈ ভূটান নৰেশৰ অসম ভ্রমণে দুয়োটা অঞ্চলৰ জনগণৰ মাজত ইতিহাসৰ দিনৰ পৰাই মসৃণভাৱে বিৰাজমান মৈত্রীপূর্ণ সম্পর্কটোক এটা নতুন ডচ্চতা প্রদানৰ সম্ভাৱনা জগাই তোলে৷ নতুন দিল্লী আৰু থিম্ফুৱে পূর্বতে সম্পর্ক ৰক্ষা আৰু সম্পর্কক উচ্চতা প্রদানত অসমৰ সমস্যা, সুবিধা আৰু সুযোগক প্রাধান্য দিয়া নাছিল৷ অসমৰ জনসাধাৰণৰ আৱেগ, ভৱিষ্যৎ আদিৰ তাত স্থানেই নাছিল৷ অসম তথা ডত্তৰ–পূবক দিল্লীয়ে নিজৰ চছমাৰে চাইছিল আৰু তাৰেই ভিত্তিত ভূটান আৰু ভাৰতৰ মৈত্রীপূর্ণ কর্মসূচী প্রস্তুত আৰু আগবাঢ়িছিল৷ ভূটানৰ জলবিদ্যুৎ প্রকল্পত বিনিয়োগ কৰোঁতে এবাৰো দিছপুৰক সুধি চোৱাৰ প্রয়োজনবোধ কৰা নাছিল দিল্লীয়ে৷ এতিয়া দিন সলনি হৈছে৷ বাংলাদেশ অথবা ভূটানৰ বিকাশৰ বাবে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা নীতিত অসম তথা ডত্তৰ–পূবৰ বিকাশৰ স্বার্থকো জডিত কৰি লোৱা হয়৷ তাৰ বাবে অসম বা উত্তৰ–পূবৰ যিকেইখন ৰাজ্যত আন্তঃগাঁথনি বিকাশৰ আৱশ্যক, সেয়া কৰি লোৱা হয়৷ ভূটানৰ শিল অসমৰ মাজেৰে বাংলাদেশলৈ ৰপ্তানিৰ ক্ষেত্রত ধুবুৰীৰ ব্রহ্মপুত্রৰ ঘাটটোক ডন্নত কৰি লোৱা হৈছে৷ ইয়াৰ জৰিয়তে অসমৰ নিবনুৱাৰ বাবে কর্মসংস্থাপনৰো বাট ওলাইছে৷
ভূ–ৰাজনৈতিক দিশৰ পৰা ভূটানৰ অৱস্থান অসমৰ সুৰক্ষাৰ বাবে অতিশয় গুৰুত্বপূর্ণ৷ ভূটান চীন শিবিৰলৈ গুচি গ’লে সুৰক্ষাৰ প্রথম প্রশ্ণটো অসমসহ সমগ্র ডত্তৰ–পূবৰ সন্মুখত আহি পৰিব৷ সেই কাৰণে ভাৰতে ভূটানৰ ক্ষেত্রত চকু মুদি থাকিব নোৱাৰে৷ নতুন দিল্লী ভূটানৰ সুখ–দুখৰ সমভাগী হৈ থকাৰো ই এটা অন্যতম কাৰণ৷ কোনো দায়িত্বশীল চৰকাৰে সীমাৰ সিপাৰে শত্রু ৰাষ্ট্র এখনক আড্ডাৰ থলী গঢ়িবলৈ এৰি নিদিয়ে৷ ইয়াৰ বাবে প্রয়োজনত নিজ সীমা অতিক্রম কৰি শত্রু ৰাষ্ট্রক ফেপেৰি পাতি ধৰিব৷ ডোকলাম ইয়াৰ ডৎকৃষ্ট ডদাহৰণ৷ অসমৰ জনসাধাৰণেও ভূটানৰ ক্ষেত্রত এই কথাটো মন কৰিব লাগে৷ প্রতিৱেশী ৰাষ্ট্রখনৰ নাগৰিকৰ সৈতে আমি সকলোৱে ভাতৃসম আচৰণ কৰিব লাগে৷ প্রতিৱেশী ৰাষ্ট্রৰ ক্ষেত্রত ভাৰতবর্ষৰ নীতিটোৱেই হৈছে আগ্রাসন নহয়, সমমর্যাদাৰ ভেটিত সম্পর্ক গঢ়া আৰু ৰক্ষা কৰি চলা৷ ভূটানৰ আর্থিক, সামৰিক শক্তি ভাৰতৰ তুলনাত তেনেই নগণ্য৷ তৎসত্ত্বেও অসমৰ জনসাধাৰণে দেশখনৰ নাগৰিকৰ সৈতে অকৃত্রিম আত্মীয়তাৰ সৈতে ব্যৱহাৰ কৰিলে দুয়োটা ভূ–খণ্ডৰ জনসাধাৰণৰ মাজত সম্পর্কত কেতিয়াও ঘুণে নধৰে৷ তদুপৰি এতিয়া আগৰ দিন নাই৷ আমি অসমৰ জনসাধাৰণে ভূটানৰ পৰা অসমৰ অর্থনৈতিক বিকাশক বিকশিত কৰিব লাগিব৷ ইয়াক কামত খটুৱাই বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব লাগিব৷ ভূটানৰ নৃপতিগৰাকী অসমৰ পৰা নিজ দেশলৈ ডভতি যোৱা নাই৷ তেওঁ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰি ভূটানৰ বিকাশত নতুন দিল্লীৰ পৰা ন ন সহযোগিতাৰ আশ্বাস লৈছে৷ ভাৰতীয় পুঁজিপতিৰ সৈতে আলোচনাত মিলিত হৈ ভূটানৰ আর্থিক প্রগতিৰ বাবে নতুন নতুন ক্ষেত্রত কিদৰে বিনিয়োগ কৰিব পাৰি, সেই বিষয়ে আলাচনা কৰিছে৷ ইয়াৰ সৈতে অসমৰ স্বার্থও জডিত হৈ আছে৷ ভূটানে অসমৰ চিৰাং আৰু কোকৰাঝাৰ সীমান্তত ছৰপাং জিলাত অর্থনৈতিক মণ্ডল গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে৷ তদুপৰি চিৰাং জিলাৰ সীমান্তত লাগি থকা গেলেফু চহৰখনক আন্তর্জাতিক মানৰ হিচাপে গঢ়ি তোলাৰ বাবে ভাৰতীয় পুঁজিপতিৰ সহায় বিচাৰিছে৷ দেশখনে গেলেফুত এটা আন্তর্জাতিক মানৰ বিমানবন্দৰো নির্মাণ কৰিব৷ চিৰাং–কোকৰাঝাৰ সীমান্তত অর্থনৈতিক কৰিড’ৰ স্থাপন, সীমান্ততে এখন আন্তর্জাতিক মানৰ মহানগৰ গঢ়ি ডঠিলে ইয়াৰ সুফল অসমে লাভ কৰিবই৷ সীমান্তৱর্তী অঞ্চলৰ অর্থনীতি সলনি হ’বলৈ বাধ্য৷ মাথোঁ ইয়াৰ বাবে আমি নিজকে প্রস্তুত কৰি তুলিব লাগিব৷ বাংলাদেশৰ সৈতেও সমস্যাক পাহৰি নগৈও অসমে অর্থনৈতিক বিকাশৰ বাটৰ সন্ধান কৰিব পাৰে৷ বাংলাদেশৰ সৈতে অসমে কি কি ক্ষেত্রত বাণিজ্যিক সম্পর্ক গঢ়িব পাৰে, ক্ষেত্রসমূহ অধ্যয়ন কৰাৰ সময় এতিয়া৷ আচলতে সেই সময় কেতিয়াবাই পাৰ হৈ হ’ল৷ অসমৰ জনসাধাৰণক এইক্ষেত্রত সজাগ আৰু আগ্রহী কৰি তোলাটো এতিয়া সময়ৰ দাবী৷