নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘লাচিত : দ্য ৱাৰিয়ৰ’লৈ শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ সন্মান

বিশেষ বাৰ্তা, ১০ নম্বেৱৰ : পাৰ্থসাৰথি মহন্তৰ ৰচনা আৰু পৰিচালিত আৰু মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজিত ‘লাচিত : দ্য ৱাৰিয়ৰ’-এ পণ্ডিচেৰীত অনুষ্ঠিত Indo-French আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ সন্মান লাভ কৰিছে। সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে ভাৰত চৰকাৰ আৰু ফ্ৰান্স চৰকাৰৰ সহযোগিতামূলক এই চলচ্চিত্ৰ মহোৎসৱ। দিল্লী, কলকাতা, জয়পুৰ আৰু মুম্বাইৰ মুম্বাই নৰ্থ-ইষ্ট চলচ্চিত্ৰ মহোৎসৱকে ধৰি এতিয়ালৈকে আঠখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘লাচিত : দ্য ৱাৰিয়ৰ’ প্ৰদৰ্শন আৰু বঁটা প্ৰদান কৰা হৈছে। গোৱাত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এই ছবিখনক সন্মানীয় ভাৰতীয় পেনোৰামাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

You might also like