নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ নৱেম্বৰত দিল্লীত কৃত্রিম বৰষুণ

🔹 দেশৰ ৰাজধানীত ভয়াৱহ বায়ু প্রদূষণ

🔹 প্রদূষণ ৰোধৰ অভিনৱ উদ্যোগ আইআইটি কাণপুৰৰ

বিশেষ বাৰ্তা, ১০ নৱেম্বৰ : “দেশৰ ৰাজধানী নতুন দিল্লীৰ বায়ু প্রদূষণে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ বিগত কেইবাদিনো ধৰি দিল্লীৰ প্রদূষিত বায়ুৱে জনজীৱনৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ পিছত উচ্চতম ন্যায়ালয়ে দিল্লীৰ প্রদূষণ ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে৷ বায়ু প্রদূষণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি দিল্লীৰ আপ চৰকাৰে যান–বাহন চলাচলৰ ক্ষেত্রত যুগ্ম–অযুগ্ম নীতি প্রয়োগ কৰিছিল যদিও সর্বোচ্চ ন্যায়ালয়ত এই সন্দর্ভত আবেদনৰ বাবে সম্প্রতি এই নীতি স্থবিৰ হৈ আছে৷ আনপিনে চুবুৰীয়া ৰাজ্য পঞ্জাব, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্রদেশত কৃষকৰ শস্যবর্জিত দাহনে ৰাজধানী চহৰখনৰ বায়ু প্রদূষণৰ ভয়াৱহতা বৃদ্ধি কৰিছে৷ কালি ৰাজধানী দিল্লীৰ অধিকাংশ অঞ্চলতে বায়ু প্রদূষণৰ মাত্রা তথা বায়ু মান সূচকাংক (একিউআই)ৰ গড় হৈছে ৪২১৷ কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ড (চিপিচিবি)ৰ তথ্য অনুসৰি দক্ষিণ আৰু পশ্চিম দিল্লীত কালি পুৱা বায়ু মান সূচক অধিক ভয়াৱহ হিচাপে চিহ্ণিত কৰা হৈছে৷ আনন্দ বিহাৰত একিউআই ৪৩২, আৰ কে পুৰমত ৪৫৩, আইজিআই বিমানবন্দৰত ৪৪৬, মতিবাগত ৪৫২, দ্বাৰকাত ৪৫৯, জে এন ষ্টেডিয়ামত ৪১৪, অশোক বিহাৰত ৪৩৪ একিউআই লিপিবদ্ধ কৰা হৈছে৷ ৰাজধানী চহৰখনৰ উপৰি ৰাষ্ট্রীয় ৰাজধানী অঞ্চল (এনচিআৰ)ৰ বিভিন্ন স্থানতো একিউআইৰ মাত্রা ৪০০ৰ ওপৰত আছে৷ ৰাজধানী চহৰখনৰ বর্ধিত প্রদূষণৰ মাত্রাই মানৱীয় স্বাস্থ্যলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই অনাৰ প্রতি লক্ষ্য ৰাখি বায়ু প্রদূষণৰ মাত্রা হ্রাস কৰাৰ উপৰি আকাশ ফৰকাল কৰি তুলিবলৈ কৃত্রিম বৰষুণৰ পৰিকল্পনা কৰিছে আপ চৰকাৰে৷ আপ চৰকাৰৰ পৰিৱেশ মন্ত্রী গোপাল ৰায়ে সংবাদ মেলযোগে কৃত্রিম বৰষুণৰ জৰিয়তে দিল্লীৰ বায়ু প্রদূষণ হ্রাস কৰি জনতাৰ জীৱনলৈ অহা শংকা আঁতৰোৱাৰ লক্ষ্য লোৱা হৈছে বুলি ঘোষণা কৰিছিল৷ কৃত্রিম বৰষুণৰ বাবে ইতিমধ্যে আইআইটি কাণপুৰৰ বিশেষজ্ঞৰ দলে ৰাজধানী চহৰখনত বাহৰ পাতিছে৷ আইআইটি কাণপুৰৰ বিশেষজ্ঞৰ দলে ৰাজধানী চহৰখনত কৃত্রিম বৰষুণৰ বাবে সকলো পৰিকল্পনা চূড়ান্ত কৰিছে৷ সেইমর্মে অহা ২০–২১ নৱেম্বৰত ৰাজধানী চহৰখনত কৃত্রিম বৰষুণ দিয়া হ’ব৷ এই বৰষুণৰ জৰিয়তে ৰাজধানী চহৰখনৰ প্রদূষিত আকাশ ফৰকাল কৰাৰ লক্ষ্য লৈছে৷ পৰিকল্পনা অনুসৰি ২০–২১ নৱেম্বৰত দিল্লীৰ আকাশত মেঘৰ সৃষ্টি কৰা হ’ব আৰু এই মেঘৰ দ্বাৰাই কৃত্রিম বৰষুণ দিয়া হ’ব৷ বতৰৰ আধুনিক প্রযুক্তি ব্যৱহাৰ কৰি বিমান অথবা হেলিকপ্টাৰৰ যোগেদি আকাশত ছিলভাৰ আয়’ডাইড অথবা পটাছিয়াম আয়’ডাইড ছটিয়াই দিয়া হ’ব আৰু ইয়ে মেঘৰ সৃষ্টি কৰি পিছলৈ বৰষুণ হ’ব৷ ৰাজধানী চহৰৰ প্রদূষণ নিয়ন্ত্রণ কৰিবলৈ কৃত্রিম বৰষুণৰ প্রস্তুতি চলোৱা বিষয়টো ইতিবাচক হিচাপে চর্চিত হৈছে৷

You might also like