নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলী উপলক্ষে বিজেপি কিষাণ মৰ্চাৰ মাটি চাকি বিতৰণ

বিশেষ বাৰ্তা, ১০ নৱেম্বৰ : আগন্তুক দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰে পৰা বিজেপি অসম প্ৰদেশ কৃষক মৰ্চাই গুৱাহাটীত মাটিৰ দীপ বিতৰণ কৰাৰ লগতে থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি উৎসৱ উদযাপন কৰিবলৈ জনসাধাৰণক অনুৰোধ জনায়। জনসাধাৰণৰ মাজত মাটিৰ চাকি বিতৰণৰ জৰিয়তে BJP Assam Pradesh Kisan Morchaই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভকেল ফৰ লোকেলৰ বাৰ্তা আগবঢ়ায় । এই কাৰ্যকৰ্মত উপস্থিত থাকে ৰাজ্যিক উপ-সভাপতিত্ৰয় ক্ৰমে ভাস্কৰ জ্যোতি দাস, ৰাজেন্দ্ৰ নাথ, নিবাৰণ লহকৰ, ৰাজ্যিক সাধাৰণ সম্পাদক সঞ্জীৱ বড়া, সম্পাদক অংকুৰ দত্তৰ লগতে ৰাজ্যিক বিষয়ববীয়াসকল আৰু গুৱাহাটী জিলা মূল সমিতিৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে বিজয় পাঠক, মানস জ্যোতি দাস আৰু গুৱাহাটী জিলা কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক সঞ্জীৱ সমৰ ডেকাৰ লগতে কৰ্মকৰ্তাসকল। আনহাতে, অসম প্রদেশ কৃষক মর্চাৰ উদ্যোগত ৰাজ্যিক পর্যায়ৰ বহুকেইগৰাকী নেতাই আজি পুৱা তিতাবৰৰ বহুকেইগৰাকী প্রগতিশীল কৃষকৰ সৈতে মত বিনিময় কৰে । তিতাবৰ ৰঙাজানৰ ৰাজু গগৈ, ন ধলিৰ কুমুদ কছাৰী আৰু টেঙাজানৰ ৰাজীৱ কছাৰীৰ কৃষিভূমিত উপস্থিত হৈ খেতি সম্পর্কীয় আলোচনা কৰে । সাধাৰণ সম্পাদক ৰণজিৎ ভট্টাচার্যৰ নেতৃত্বত সম্পাদক বিতোপন দলে, ৰাজ্যিক কার্যনির্বাহকদ্বয় মাধুর্য শইকীয়া, মাধুর্য মাধৱ, কৃষক মর্চাৰ সভাপতি, ত্রৈলোক্য শর্মা, উপ-সভাপতি প্রহ্লাদ শর্মা, জিলা সম্পাদক মানৱজ্যোতি বৰদলৈ, মিডিয়া আহ্বায়ক অৰিন্দম হাতীবৰুৱা, যুৱ নেতা দেৱজিৎ হাজৰিকাসহ বহুকেইগৰাকী নেতাই অসম প্রদেশ কৃষক মর্চাৰ সাধাৰণ সম্পাদকগৰাকীক সংগ দিয়ে । আনহাতে, বিয়লি ভাগলৈ পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে যোৰহাটৰ সদাব্যস্ত বৰুৱা চাৰিআলিস্থিত মিলেনিয়াম পার্কত অসম প্রদেশ কৃষক মর্চাৰ উদোগত যোৰহাট জিলা কৃষক মর্চাৰ সহযোগত ৰাইজৰ মাজত মাটি চাকি বিতৰণ কৰা হয় । উক্ত অনুষ্ঠানত অসম প্রদেশ কৃষক মর্চাৰ
সাধাৰণ সম্পাদক ৰণজিৎ ভট্টাচার্যসহ জিলা মর্চাৰ বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে ।

You might also like