নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত ৱার্নাৰৰ ফৰ্মৰ ৰহস্য ভাৰতত নির্মিত বেট

বিশেষ বাৰ্তা, ১০ নৱেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মেক ইন ইণ্ডিয়াৰ আহ্বানে উদ্বুদ্ধ কৰিছে ডেভিদ ৱার্নাৰক৷ কাৰণ বিশ্বকাপত অষ্ট্রেলিয়াৰ অ’পেনিং বেটাৰগৰাকীয়ে নির্ভৰ কৰিছে ভাৰতত তৈয়াৰ কৰা এখন বিশেষ বেটৰ ওপৰত৷ দীর্ঘদিন ধৰি ফর্মত নাছিল ৱার্নাৰ৷ তেওঁৰ বিশ্বকাপ দলত স্থান লাভক লৈও অনিশ্চয়তাই দেখা দিছিল৷ বিশ্বকাপৰ প্রথমৰ ফালেও ৰান পোৱা নাছিল অষ্ট্রেলিয়ান বেটাৰগৰাকীয়ে৷ কিন্তু প্রতিযোগিতাখনৰ মাজভাগৰ পৰা তেওঁ পৰিচিত ছন্দলৈ উভতি আহে৷ ইয়াৰ নেপথ্যত আছে এখন বিশেষ বেট৷ যিখন বেট বিশ্বকাপৰ বাবেই তৈয়াৰ কৰা হৈছিল ভাৰতত৷ বিশ্বকাপৰ ছেমিফাইনেলৰ পূর্বে ফর্মলৈ ওভতাৰ ৰহস্য প্রকাশ কৰিছে ৱার্নাৰে৷ অষ্ট্রেলিয়াত তৈয়াৰ কৰা বেটেৰে খেলি তেওঁ ৰান কৰিব পৰা নাছিল৷ সেইবাবে ৱার্নাৰে কৈছে যে ভাৰতৰ উইকেটত বল কিছু পৰিমাণে তললৈ আহে৷ বাউন্সৰ সৈতে মিলাই লোৱা কিছু সমস্যা হয়৷ বেটৰ যি অংশৰে বল মৰাৰ চেষ্টা কৰা হয় সেয়া সফল হোৱা নাছিল৷ পিছত নিজেই এটা উপায় উলিয়ায় তেওঁ৷ ৱার্নাৰে কয়– বেটৰ কিছু তলৰ ফালে মাজৰ অংশৰে বল মৰাৰ চেষ্টা কৰোঁ ৷ অনুশীলনত বেটৰ নির্দিষ্ট অংশ এটা কামত লগাইছিলোঁ ৷ বলিং মেচিনৰ সন্মুখত দীর্ঘসময় বেটৰ সেই নির্দিষ্ট অংশৰে খেলাৰ চেষ্টা কৰিছোঁ ৷ মই সাধাৰণতে বেটৰ কিছু তলৰ অংশৰে শ্বট খেলি ভাল পাওঁ৷ কিন্তু ভাৰতৰ উইকেটত সেয়া সম্ভৱ নহয়৷ সেইবাবে ভাৰতৰ উইকেটত মিলিব পৰাকৈ তলৰ ফালে কিছু ওজন থকা এখন বেট তৈয়াৰ কৰি লৈছোঁ ৷ ধাৰাভাষ্যকাৰ ৰিকি পণ্টিঙেও ৱার্নাৰৰ বেটখন দেখি আশ্চর্য প্রকাশ কৰিছে৷ ৱার্নাৰৰ ভাৰতীয় বেট দেখি বিস্মিত অষ্ট্রেলিয়াৰ আন এগৰাকী প্রাক্তন অধিনায়ক এৰন ফিনছোঁ ৷ তেওঁ কয় – বেটৰ তলৰ অংশত যথেষ্ট পৰিমাণে কাঠ আছে৷ উল্লেখ্য যে এই পর্যন্ত বিশ্বকাপত ৮ খন মেচ খেলি ৱার্নাৰে সংগ্রহ কৰিছে মুঠ ৪৪৬ ৰান৷ তেওঁৰ বেটৰ পৰা আহিছে দুটা শতৰানৰ ইনিংছ৷ তেওঁৰ আশা ভাৰতত নির্মিত বেটেৰে আগলৈও দলক সহায় কৰিব পাৰিব৷

You might also like