নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাছাৰ প্রথম চন্দ্র অভিযানৰ নভোচৰ ফ্রাংকৰ বিয়োগ

বিশেষ বাৰ্তা, ১১ নৱেম্বৰ : আমেৰিকাৰ প্রথম চন্দ্র অভিযানত অংশগ্রহণ কৰা মহাকাশচাৰী ফ্রাংক ব’মানৰ দেহাৱসান ঘটিছে৷ ফ্রাংক ব’মানে আমেৰিকাৰ এপল’–৮ অভিযানত অংশগ্রহণ কৰিছিল৷ মহাকাশলৈ যোৱা ৩ নভোচৰৰ অন্যতম আছিল ফ্রাংক৷ চন্দ্রৰ দূৰ প্রান্তৰ আলোকচিত্র গ্রহণ কৰিছিল মহাকাশচাৰীগৰাকীয়৷ উল্লেখ্য যে চন্দ্র অভিযানত প্রথম মহাকাশচাৰী হিচাপে অভিলেখ সৃষ্টি কৰা নভোচৰসকলৰ অন্যতম আছিল ফ্রাংক৷ ৯৫ বছৰ বয়সত ফ্রাংক ব’মানৰ দেহাৱসান ঘটা বুলি নাছাৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷

You might also like