নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : চৰকাৰে আহে আৰু যায়। কিন্তু সমাধান নহয় ৰাইজৰ সমস্যা। বছৰ বছৰ ধৰি ৰাইজৰ সমস্যাবোৰ তেনেদৰেই ৰৈ যায় ৷ চৰকাৰক বাৰম্বাৰ আহ্বান জনাই ব্যৰ্থ হৈ এইবাৰ ঢকুৱাখনাত ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে দলং। চৰকাৰলৈ বাট নাচাই এইবাৰ ঢকুৱাখনা সমষ্টিৰ কমাৰ গাঁৱত চাৰিকড়ীয়া নৈৰ ওপৰত ৫ খন গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি ৰাজহুৱা শ্ৰমদানেৰে নিৰ্মাণ কৰিলে বাঁহৰ দলং ৷ সমষ্টিটোৰ কমাৰ গাঁৱৰ পৰা কৰ্দৈগুৰি সংযোগী পথছোৱাৰ চাৰিকড়ীয়া নৈৰ পাৰঘাটত বছৰ বছৰ ধৰি পুঠিমাৰী, কেলকেলী, ভলুকাগুৰি চাপৰি, আমগুৰি আদিকে কৰি ৫খন গাঁৱৰ ৰাইজে এখন টুলুঙা নাৱেৰে যাতায়ত ব্যৱস্থা অব্যাহত ৰাখি আহিছে।ঢকুৱাখনা সদৰৰ পৰা মাত্ৰ ৫-৬ কি:মি: নিলগত থাকিও উল্লেখিত গাঁৱৰ ৰাইজে যুগ যুগ ধৰি জনপ্ৰতিনিধি তথা প্ৰশাসনৰ দ্বাৰা উপেক্ষিত হৈ বৰ্তমান সময়তো চৰকাৰৰ তথাকথিত উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই মৰণত শৰণ দি বিপদসংকুলভাৱে টুলুঙা নাৱেৰে বিপদসংকুলভাৱে যাতায়ত অব্যাহত ৰাখিছে। বহু চৰকাৰ আহিল, বহু বিধায়ক গ’ল; কিন্তু কমাৰ গাঁও- কৰ্দৈগুৰি সংযোগী পথৰ চাৰিকড়ীয়া নৈৰ ওপৰত নিৰ্মান ন’হল এখন দলং।পথছোৱাত থকা এই ঘাটতো পাৰাপাৰ কৰোতে নিতৌ দুৰ্ঘটনাৰ সন্মুখীন হৈ আহিছিল ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকসকল।দীৰ্ঘদিন ধৰি চৰকাৰ তথা প্ৰশাসনক উক্ত পথচোৱাত এখন দলং নিৰ্মাণ কৰিবলৈ ৰাইজে অনুৰোধ জনাই আহিছিল যদিও কোনো ফলাফল নাপালে। অৱশেষত স্থানীয় ৰাইজে ভৱিষ্যতে অনাকাংক্ষিত ঘটনাৰ আশংকা প্ৰকাশ কৰি ৫খনকৈ গাঁৱৰ ৰাইজ একত্ৰিত হৈ পথটোৰ চাৰিকড়ীয়া নৈৰ ওপৰত ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰিলে ২০০ ফুট দৈৰ্ঘ্যৰ এখন বাহঁৰ দলং। ঘৰে ঘৰে বাঁহ-বেত আৰু দুই-এপইচা সংগ্ৰহ নিৰ্মাণ কৰা দলংখন স্থানীয় ৰাইজে বুধবাৰে দুপৰীয়া মাংগলিক পৰিৱেশৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰি দিলে।ৰাইজৰ অভিযোগ, জনপ্ৰতিনিধি সকলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰে অঞ্চলবাসীক।প্ৰতিবাৰেই নিৰ্বাচনৰ সময়ত অঞ্চলটোলৈ আহি ৰাজনৈতিক নেতাই দলঙৰ বাবেই ভোট বিচাৰি ৰাইজক আভুৱা ভাৰি আহিছে। তথাপি আজিলৈকে ৰাইজে নাপালে এখন দলং। ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেও নিৰ্বাচনৰ আগতে এনে প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া তেওঁ পাহৰিলে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে।শাসকীয় দলৰ বিধায়ক নৱ কুমাৰ দলেক পূৰ্বে পথছোৱাত দলং নিৰ্মাণৰ বাবে দিয়া প্ৰতিশ্ৰুতি মনত পেলাই দিয়াৰ লগতে কম সময়ৰ ভিতৰত চাৰিকড়ীয়া নৈৰ ওপৰৰ গুৰুত্বপূৰ্ণ দলংখন নিৰ্মাণ কৰি বৃহত্তৰ অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাটো সুচল কৰিবলৈ দাবী জনায়।
প্ৰেৰক পুলকজ্যোতি বৰা