চীনলৈ এয়াৰ ইণ্ডিয়াৰ সকলো বিমানৰ যাত্রা ২০ জুনলৈ বাতিল
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ দেশৰ ৰাষ্ট্রীয় উৰণ সংস্থা এয়াৰ ইণ্ডিয়াই চীনৰ মূল ভূখণ্ডলৈ সকলো বিমান সেৱা বাতিল কৰিছে আগন্তুক জুন মাহলৈ৷ ২০ জুন পর্যন্ত উৰণ সংস্থাটোৰ কোনো বিমান চীনলৈ প্রেৰণ কৰা নহয়৷ উল্লেখনীয় যে ইয়াৰ পূর্বে সংস্থাটোৱে ২৮ মার্চলৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা চীনলৈ সকলো বিমানৰ সেৱা বাতিলৰ সিদ্ধান্ত লৈছিল৷ কিন্তু প্রতিবেশী চীনত এতিয়া ক’ৰোনাই মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈ কমপক্ষেও ২,১১৮গৰাকী লোকে প্রাণ হেৰুৱাইছে৷ ইফালে চীনৰ লগতে বিশ্বৰ বিভিন্ন প্রান্তত মুঠ ৭৪,৫৮৬গৰাকী লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ চিকিৎসাধীন হৈছে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিবেদনত প্রকাশ পাইছে৷ চীনৰ ৰাষ্ট্রীয় স্বাস্থ্য আয়োগে সদৰী কৰা অনুসৰি, কালি দেশখনত পুনৰ ৩৯৪গৰাকী লোক নতুনকৈ ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈছে৷ কালিৰ দিনটোত দেশখনত এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত ১১৪গৰাকী লোকৰ মৃত্যু হৈছে৷ লক্ষণীয়ভাৱে এয়াৰ ইণ্ডিয়াৰ উপৰি বিশ্বৰ বিভিন্ন দেশৰ উৰণ সংস্থাই চীনলৈ বিমান যাত্রা বন্ধ কৰিছে৷ আনকি বহু দেশে নাগৰিকসকলক চীন ভ্রমণ নকৰিবলৈ সতর্কবাণীও দিছে৷ আমেৰিকা–ভাৰতকে ধৰি কেইবাখনো দেশে চীনত থকা নাগৰিকসকলক গৃহভূমিলৈ স্থানান্তৰো কৰিছে৷