নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতত কাচি লৈ আঘোণৰ পথাৰত এদল ছাত্ৰ-ছাত্ৰী

🔹 বিলাসীপাৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী প্ৰয়াস

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : আঘোণৰ পথাৰত এদল ছাত্ৰ-ছাত্ৰী। বিলাসীপাৰাৰ উদমাৰী গাঁৱৰ আঘোণৰ পথাৰত এদল ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে কাচি লৈ চপাইছে সোণগুটি । পথাৰখনতে খাইছে চাহ-জলপান। খাইছে ৰবব টেঙা।পাঠ কৰিছে স্ব-ৰচিত কবিতা। বিহুগীতৰ তালে তালে এপাক কঁকালো ঘূৰাইছে। যিজন খেতিয়কৰ পথাৰৰ ধান কাটিছে, খেতিয়কজনেও নিজে দোতাৰা বজাই গালে পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ গীত।

এইসকল ছাত্ৰ-ছাত্ৰী বিলাসীপাৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ। যিটো সময়ত নৱপ্ৰজন্মই মোবাইলৰ প্ৰতি আসক্ত হৈ সময় অতিবাহিত কৰি আহিছে, তেনে সময়তে বিভাগটোৰ অধ্যাপক-অধ্যাপিকাই অসমীয়া চহা জীৱনৰ প্ৰতি আকৰ্ষিত কৰাবলৈ ছাত্ৰ-ছাত্ৰীসকলক এইদৰে আঘোণৰ পথাৰলৈ আনে। য’ত ছাত্ৰ-ছাত্ৰীসকলে ৬ বিঘাকৈ পথাৰৰ সোণগুটি চপাই খেতিয়কজনক সকাহ দিবলৈ প্ৰয়াস কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ এনে ব্যতিক্ৰমী প্ৰয়াসক খেতিয়কৰ লগতে সৰ্বসাধাৰণ লোকে ভূয়সী প্ৰশংসা কৰে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like