নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিয়া বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

🔹 একেদিনাই চাৰিটা দাগৰ চৰকাৰী ভূমি বেদখলমুক্ত
নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰ : বৰপেটাৰ মন্দিয়া বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। চৰকাৰী দাগৰ ২৯১, ৩১৭ আৰু ৩১৮নং ভূমিত চলিল প্ৰশাসনৰ বুলড’জাৰ। মন্দিয়া বজাৰৰ পুৰণি বাছ আস্থানৰ পৰা মন্দিয়া পঞ্চায়ত কাৰ্যালয়লৈ যোৱা পথৰ দুয়োকাষে অবৈধভাৱে গঢ়ি উঠিছিল বহু স্থায়ী আৰু অস্থায়ী দোকান-পোহাৰ। মন্দিয়া বজাৰৰ সমান্তৰালকৈ কপোহাতো ৩৮৯নং চৰকাৰী দাগৰ ভূমিও খালী কৰে প্ৰশাসনে। প্ৰায় ২০খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে কেইবাটাও আংশিক ঘৰ-দুৱাৰ উক্ত চৰকাৰী ভূমিৰ পৰা একেদিনাই বেদখলমুক্ত কৰা হয়। অৱশ্যে পূৰ্বেই বাঘবৰ ৰাজহ চক্ৰ বিষয়া সোণবৰ চুতীয়াই উক্ত চৰকাৰী ভূমি খালী কৰিবলৈ ৰাজহুৱা জাননী জাৰি কৰিছিল। চক্ৰ বিষয়াগৰাকীৰ জাননীৰ পিছতেই বহুতেই স্ব-ইচ্ছাই ভাঙি লৈ গৈছিল নিজ নিজ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। কিন্তু একাংশই প্ৰশাসনৰ জাননীৰ পিছতো আঁতৰি যোৱা নাছিল উক্ত চৰকাৰী ভূমিৰ পৰা। সেয়ে সোমবাৰে সন্ধিয়া প্ৰশাসনে পুনৰ মাইকযোগে সকলোকে চৰকাৰী ভূমি এৰাৰ নিৰ্দেশ দিছিল। অৱশ্যে পুনৰ প্ৰশাসনৰ নিৰ্দেশনাক সন্মান জনাই সোমবাৰে ৰাতিৰ ভাগতেই বহুতেই নিজৰ নিজৰ অস্থায়ী দোকানসমূহ চৰকাৰী ভূমিৰ পৰা আঁতৰাই নিয়ে। প্ৰশাসনে উচ্ছেদ কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলে এতিয়া পুনৰ সংস্থাপন বিচাৰি চৰকাৰক অনুৰোধ জনাইছে।বাঘবৰ ৰাজহ চক্ৰ বিষয়া সোণবৰ চুতীয়াৰ নেতৃত্বত চলে এই সমগ্ৰ উচ্ছেদ প্ৰক্ৰিয়া।
প্ৰেৰক আব্দুল আজিজ আহমেদ
You might also like