নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰ : ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ ঐতিহ্যমণ্ডিত গুৰিহাটী ৰাস মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে । আজি সন্ধিয়াৰ ভাগত ৰাধা-কৃষ্ণৰ প্ৰতিমা লৈ উলিওৱা শোভাযাত্ৰা উদ্বোধন কৰি ৰাসোৎসৱৰ শুভাৰম্ভ কৰে সাংসদ দিলীপ শইকীয়াই । ৭ ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই ৰাসোৎসৱৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি সাংসদ শইকীয়াই ৰাসোৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে কৃষ্ণ সংস্কৃতিক বাদ দি ভাৰতীয় সনাতনী সংস্কৃতিৰ পৰিচয় আমি দাঙি ধৰিব নোৱাৰোঁ । এই সনাতনী সংস্কৃতি- দৰ্শনক আধাৰ হিচাপে লৈয়ে আমি এক ভাৰতীয় হৈ আগবাঢ়ি যাব লাগিব । গুৰিহাটী ৰাসোৎসৱৰ স্থায়ী মূল তোৰণ নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ পৰা তিনি লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে সাংসদগৰাকীয়ে । ইয়াৰ পিছতে প্ৰতিমা স্থাপন কৰে পুৰোহিত প্ৰদীপ চৌধুৰীয়ে । নিশাৰ ভাগত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান । কাইলৈ পুৱাৰ ভাগত ৰাস উদযাপন সমিতিৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি জগদীশ সৰকাৰে । খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক নৃপেন্দ্ৰ সৰকাৰে মুকলি কৰিব স্মৃতি তৰ্পণ কাৰ্যসূচী । ৰাসোৎসৱৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়োৱে । প্ৰতিমা দৰ্শনৰ দ্বাৰ উদঘাটন কৰিব মহকুমাধিপতি (ভেৰগাঁও ) পল্লৱী কছাৰীয়ে । খৈৰাবাৰীবাসী ৰাইজে ব্যাপক উৎসাহ-উদ্দীপনাৰে আয়োজন কৰা ৰাসোৎসৱ উপলক্ষে ভাগৱত পাঠ, নাগাৰা নাম, আয়তী নাম, বাউল সংগীত আদি আধ্যাত্মিক কাৰ্যসূচীৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । ইপিনে, ৰাসোৎসৱত বৈদ্যুতিক সাজসজ্জাৰে নিৰ্মিত আটকধুনীয়া মৃণ্ময় মূৰ্তিসমূহৰ লগতে মীনা বজাৰ, বাণিজ্য মেলা, চাৰ্কাছ, চিনেমা, চিত্ৰহাৰ, যাদু খেল, মৌত কা কুঁৱা, ড্ৰেগন আদি উপভোগ কৰাৰো সুযোগ লাভ কৰিব দৰ্শনাৰ্থীসকলে। জনজাতীয় পৰম্পৰাগত খাদ্য সম্ভাৰৰ কেইবাখনো বিপণীও থাকিব ৰাসথলীত। ৰাসোৎসৱ শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে চলাই নিয়াত সহযোগ কৰিবলৈ সকলো পক্ষকে আহ্বান জনোৱাৰ লগতে ৰাসোৎসৱথলীত জুৱা খেল আৰু সুৰাৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিছে উদযাপন সমিতিয়ে ।
প্ৰেৰক ধীৰেন মহলীয়া