নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ নৱেম্বৰত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীর্ণলৈ স্কুটী

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ নৱেম্বৰ : ৰাজ্যৰ মেধাৱী শিক্ষার্থীসকললৈ সুখবৰ৷ উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীর্ণ হোৱা শিক্ষার্থীসকলক অহা ৩০ নৱেম্বৰত স্কুটী বিতৰণ কৰা হ’ব৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰসহ উত্তীর্ণ ছাত্রী আৰু ৭৫ শতাংশ বা ততোধিক নম্বৰসহ উত্তীর্ণ ছাত্রক স্কুটী ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিতৰণ কৰা হ’ব৷ এক টুইটযোগে এই কথা সদৰী কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ একেটা টুইটযোগে তেওঁ শিক্ষার্থীসকলক স্কুটীৰ নামত এটকাও আদায় দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷ শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি বিতৰণ কৰিবলগীয়া স্কুটীসমূহৰ বীমা আৰু পঞ্জীয়নৰ সকলো খৰচ চৰকাৰীভাৱে বহন কৰা হৈছে৷ অৱশ্যে এক দুষ্ট চক্রই বহুসংখ্যক শিক্ষার্থীক পঞ্জীয়ন আৰু বীমাৰ নামত ইউপিআইৰ জৰিয়তে ধন আদায় দিবলৈ মেছেজ প্রেৰণ কৰিছে৷ শিক্ষামন্ত্রীগৰাকীয়ে তেনে বার্তাৰ সঁহাৰি নিদিবলৈ শিক্ষার্থীসকলক আহ্বান জনাইছে৷ ইয়াৰ বিপৰীতে পঞ্জীয়ন অথবা বীমাৰ বাবে ধন বিচাৰি কোনো লোকে ফোন অথবা মেছেজ প্রেৰণ কৰিলে সেই সন্দর্ভত সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ অধ্যক্ষক সদৰী কৰিবলৈ তেওঁ আহ্বান জনায়৷ উল্লেখ্য যে ইয়াৰ পূর্বে ৰাজ্য চৰকাৰৰ ফালৰ পৰা নৱম শ্রেণীৰ শিক্ষার্থীসকলক চাইকেল বিতৰণ কৰা হৈছে৷ সমান্তৰালভাৱে উচ্চতৰ মাধ্যমিকত ৬০ শতাংশ নম্বৰসহ ছাত্রী আৰু ৭৫ শতাংশ নম্বৰসহ উত্তীর্ণ ছাত্রক স্কুটী প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ অহা ৩০ নৱেম্বৰত এই ঘোষণা অনুসৰিয়েই শিক্ষার্থীসকলক স্কুটীসমূহ বিতৰণ কৰা হ’ব৷

You might also like