🔹 দুগ্ধ উৎপাদন অসমৰ এটি গৌৰৱময় পৰম্পৰা : মন্ত্ৰী অতুল বৰা
🔹 অসমৰ পশুপালন খণ্ডৰ বিকাশক ভূয়সী প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰী ৰূপালাৰ
বিশেষ বাৰ্তা, ২৬ নৱেম্বৰ : শেহতীয়াভাৱে অসমৰ পশুপালন আৰু পশু চিকিৎসা খণ্ডত এক নৱজাগৰণৰ সূচনা হৈছে। অসম চৰকাৰৰ প্ৰচেষ্টাত পশুপালকৰ দুৱাৰডলিত পশু চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে দেশজুৰি ৰূপায়ণ কৰা ভ্ৰাম্যমাণ মোবাইল এম্বুলেন্স সেৱা প্ৰদানকে ধৰি ৰাজ্যখনত পশুপালন আৰু পশু চিকিৎসা বিভাগে বিভিন্ন কেন্দ্ৰীয় আঁচনি সাৰ্থকভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে অসম চৰকাৰ ধন্যবাদৰ পাত্ৰ।- এই মন্তব্য কেন্দ্ৰীয় পশুপালন আৰু দুগ্ধ মন্ত্ৰী পাৰষোত্তম ৰূপালাৰ। আজি গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ পশুপালন আৰু দুগ্ধ বিভাগৰ উদ্যোগত আৰু অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা আৰু দুগ্ধ উন্নয়ন বিভাগৰ সহযোগত কেন্দ্ৰীয়ভাৱে আয়োজিত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰূপালাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশুপালন খণ্ডত বিশেষভাৱে আৰোপ কৰা গুৰুত্বৰ ফলতেই আজি পশুপালকসকলে দেশৰ অৰ্থনৈতিক বিকাশত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ আগমুহুৰ্তলৈকে ২০০৪ চনৰ পৰা ২০১৪ বৰ্ষলৈকে দহটা বছৰত ভাৰতৰ পশুপালন আৰু দুগ্ধ বিভাগৰ বাবে ধাৰ্য কৰা বাজেটৰ পৰিমাণ আছিল ১৮,৮২৫ কোটি টকা। কিন্তু ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশুপালন আৰু দুগ্ধ মন্ত্ৰ্যালয়ক এটি স্বতন্ত্ৰ মন্ত্ৰ্যালয় হিচাপে ঘোষণা কৰে আৰু বিগত দহটা বছৰত এই বিভাগটোৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বাবে ৩৩,৪৩৮ কোটি টকা ধাৰ্য কৰে। ক’ভিড কালৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী ৰূপালাই কয় যে দেশৰ জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা উদ্যোগ যেনেদৰে বিশ্বজুৰি বন্দিত হৈছে, ঠিক একেদৰে পশুধনৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ ব্যৱস্থাসমূহো আজি বিশ্বৰ অগ্ৰণী দেশসমূহৰ বাবে আদৰ্শ হৈ পৰিছে। দেশজুৰি ৰূপায়ণ কৰি থকা ১৩ হাজাৰ কোটি টকা ব্যয়ৰ পশুধনৰ টিকাকৰণ অভিযানৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰূপালাই অসমেও এই টিকাকৰণ অভিযানত বিশেষ সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ ভাষণত উল্লেখ কৰে। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত সমবায় সমিতিসমূহে গ্ৰহণ কৰা ভূমিকাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰী ৰূপালাই অধিক গাখীৰ উৎপাদনৰ বাবে গাইগৰুৰ কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত ভাৰত অন্য দেশসমূহৰ বাবে এক আদৰ্শ বুলিও প্ৰকাশ কৰে। ১৯৫০-৫১ চনত দেশৰ জনমূৰি গাখীৰ উপলব্ধতাৰ পৰিমাণ ১০১ গ্ৰাম আৰু ২০১৩-১৪ চনত এই পৰিমাণ ৩০৩ গ্ৰাম হোৱাৰ বিপৰীতে আজি দেশৰ জনমূৰি গাখীৰ উপলব্ধতাৰ পৰিমাণ ৪৫৯ গ্ৰামলৈ বৃদ্ধি পাইছে বুলিও তেওঁ প্ৰকাশ কৰে। এই ব্যাপক পৰিৱৰ্তনৰ মূলতেই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সততা আৰু দায়বদ্ধতা বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰী ৰূপালাই পশুপালকসকলৰ বিকাশৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ লগতে পশুপালন খণ্ডলৈ যুৱ শক্তিক আকৰ্ষণ কৰিবলৈ গ্ৰহণ কৰা প্ৰযুক্তিনিৰ্ভৰ শেহতীয়া আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহযোগিতা কামনা কৰে। পশুপালন এতিয়া আৰু পৰম্পৰাগত ব্যৱসায় নহয়, এই ব্যৱসায়ে পশুপালকসকলৰ জীৱন আৰু জীৱিকাৰ আমূল পৰিৱৰ্তন সাধনৰ এক অস্ত্ৰ বুলিও তেওঁ মন্তব্য কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই দেশৰ দুগ্ধ মানৱ হিচাপে খ্যাত ড০ ভাৰ্গিজ কুৰিয়ানৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় দুগ্ধ দিৱস এইবেলি অসমত উদযাপন কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ৰূপালাক ধন্যবাদ জনায়। দুগ্ধ উৎপাদন অসমৰ এটি গৌৰৱময় পৰম্পৰা বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয় যে প্ৰতিদিনে ২৯ লাখ লিটাৰৰো অধিক গাখীৰ উৎপাদন কৰি ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ ক্ষেত্ৰত গো-পালকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বৰ্তমান অসমত বাৰ্ষিক দুগ্ধ উৎপাদন ১০৭০ নিযুত লিটাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যখনত জনমূৰি গাখীৰৰ উপলব্ধতা বৃদ্ধি কৰাৰ বাবে এক নতুন শ্বেত বিপ্লৱৰ সূচনা কৰাৰ পথত আগবঢ়া হৈছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ সৈতে অসম চৰকাৰৰ হোৱা দুহাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিৰ বিষয়েও তেওঁ ভাষণত উল্লেখ কৰে। অধিক গাখীৰ উৎপাদনৰ বাবে গাইগৰুৰ সংখ্যা বৃদ্ধিত গুৰুত্ব দিয়া হৈছে আৰু ইয়াৰ বাবে অসমৰ ৩১খন জিলাত ‘চেক্স চ’ৰ্টেড চিমেন’ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত পৰৱৰ্তী বৰ্ষত ৫০ হাজাৰ চেউৰীৰ জন্ম হ’ব বুলিও তেওঁ উল্লেখ কৰে। অহা বছৰত ৰাজ্যখনত ১.২৫ লাখ ‘চেক্স চ’ৰ্টেড চিমেন’ৰ ডোজ ব্যৱ্হাৰ কৰাৰ বাবে আঁচনি যুগুতোৱা হৈছে বুলিও তেওঁ কয়। ৰাজ্যখনত দুগ্ধ ব্যৱসায়ক নতুন গতি দিবলৈ ১৭খন প্ৰগতিশীল দুগ্ধ ঔদ্যোগিক ব্যৱসায়িক দুগ্ধ পাম গঢ়ি তুলিবলৈ চলিত বিত্তীয় বৰ্ষত মুঠ ৮৪২ লাখ টকাৰ আঁচনি গ্ৰহণ কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে, অসমৰ দুগ্ধ খণ্ডৰ ৯৫ শতাংশই অসংগঠিত ৰূপত থকাৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী বৰাই ১৪৪খন সক্ৰিয় দুগ্ধ সমবায় সমিতিক মুঠ ১২৩৪ লাখ টকা চীড মানী হিচাপে আগবঢ়োৱাৰ বিষয়ে উল্লেখ কৰে । ইয়াৰ ফলত ৰাজ্যখনৰ ৪৫০০জন দুগ্ধপালক উপকৃত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। ‘কটেজ ডেইৰী ইউনিট’ স্থাপনৰ বাবে অসমৰ ১৫খন দুগ্ধ সমবায় সমিতিলৈ মুঠ ৬০ লাখ টকা আগবঢ়োৱাৰ লগতে ৰাজ্যৰ পশুপালন বিভাগে ২০২২-২৩ বৰ্ষত গাইগৰুৰ ৬ লাখ ৭১ হাজাৰ কৃত্ৰিম প্ৰজনন সম্পন্ন কৰা বুলি তেওঁ কয়। অনুষ্ঠানত অসম চৰকাৰৰ মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদত্ৰয় ক্ৰমে পৱিত্ৰ মাৰ্ঘেৰিটা, কামাখ্যা প্ৰসাদ তাছা আৰু কুইন ওজায়ো ভাষণ দিয়ে। ৰাজ্যৰ পাঁচ হাজাৰতকৈও অধিক পশুপালকে অংশগ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় দুগ্ধ দিৱসত দেশৰ ৯গৰাকী প্ৰগতিশীল পালকক সন্মানিত কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি প্ৰদৰ্শনী, গো-পূজন, ৱাকথন, যোগ আদিও অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ পশুপালন মন্ত্ৰী টাগে টাকী, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, কেন্দ্ৰীয় চৰকাৰৰ পশুপালন আৰু দুগ্ধ বিভাগৰ সচিব অলকা উপাধ্যায়, কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সচিব বৰ্ষা যোশী, অসম চৰকাৰৰ পশুপাম আৰু সমবায় বিভাগৰ প্ৰধান সচিবদ্বয় ক্ৰমে মনীষ ঠাকুৰ আৰু বি কল্যাণ চক্ৰৱৰ্তী, কেন্দ্ৰীয় চৰকাৰৰ আয়ুক্ত ড০ অভিজিত মিত্ৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ ডীন ড০ বিবেকানন্দ শইকীয়াকে ধৰি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ বিভিন্ন বিষয়া উপস্থিত থাকে।