নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত পথ দুৰ্ঘটনাত আহত ৩

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ : ৰূপহীহাটৰ বালিকাত আজি দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয় ৷ তীব্ৰবেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল দ খাৱৈত ৷ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৩গৰাকীকৈ বাইক আৰোহী ৷ আহত বাইক আৰোহীকেইজনক ৰাইজৰ তৎপৰতাত শিঙিমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় হয় যদিও এজনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে৷ দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে এএছ-০২ এএন-৪২৪৫ ৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম 

You might also like