নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাৰোপাহাৰত উদ্ধাৰ মানকাচৰৰ অপহৃত যুৱক

🔹 তুৰাত ৭/৮ জনীয়া দুৰ্বৃত্তৰ হাতত মোস্তাফিজুৰক গতাই দিছিল মফিদুলে

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত বোৱালিয়া গাঁৱৰ মজিয়েল হকৰ পুত্ৰ মোস্তাফিজুৰ ৰহমানৰ গাড়ী ভাৰাত লৈ যোৱা ৪ ডিচেম্বৰত স্থানীয় যুৱক পিপুলবাৰী গাঁৱৰ মফিদুল হকে মেঘালয়ৰ তুৰালৈ লৈ যায়। পিছত তুৰাত ৭/৮ জনীয়া দুৰ্বৃত্তৰ হাতত মোস্তাফিজুৰ ৰহমানক গতাই দিয়ে মফিদুল হকে। দুৰ্বৃত্তৰ দলটোৱে মোস্তাফিজুৰ ৰহমানক দুৰ্গম পাহাৰত আবদ্ধ কৰি ৰাখি মোস্তাফিজুৰৰ পৰিয়ালৰ পৰা ম’বাইল ফোনযোগে ধনদাবী কৰে। ইফালে, মোস্তাফিজুৰৰ পৰিয়ালৰ লোকে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক হৰেন টকবীক তেওঁলোকৰ পুত্ৰ সন্ধানহীন হোৱা বুলি অভিযোগ দাখিল কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে ভুক্তভোগীক মানকাচৰ থানালৈ পঠাই দিয়ে। মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰীয়ে ৬ ডিচেম্বৰৰ নিশা মোস্তাফিজুৰ ৰহমান সন্ধানহীন হোৱাৰ গোচৰ লাভ কৰাৰ পিছত ক্ষিপ্ৰতাৰে বিষয়টো সন্দৰ্ভত অভিযান আৰম্ভ কৰে আৰু ম’বাইল ট্ৰেক কৰি মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ ৰংজেন থানাৰ অন্তৰ্গত নাৰেংগিৰিত অপহৃত যুৱকজনৰ সন্ধান লাভ কৰে আৰু মানকাচৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক কৌশিক দত্ত মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ ৰংজেন থানাৰ অন্তৰ্গত নাৰেংগিৰিত যুৱকজনক উদ্ধাৰ কৰাৰ বাবে যায়। মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ ৰংজেন থানাৰ আৰক্ষীৰ লগত মানকাচৰৰ আৰক্ষীৰ দলে কালি ৰংৰেগিৰিৰ দুৰ্গম অঞ্চলত যৌথ অভিযান চলায়। আৰক্ষীৰ অভিযানত মানকাচৰৰ মোস্তাফিজুৰ ৰহমান নামৰ অপহৃত যুৱকজনক আৰক্ষীয়ে সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উক্ত উদ্ধাৰ অভিযান কালত অপহৰণৰ লগত জড়িত দুই দুৰ্বৃত্ত ক্ৰমে গাৰোপাহাৰ জিলাৰ কালছোনাথ চাংমা আৰু মানকাচৰৰ পিপুলবাৰীৰ মফিদুল হকক আটক কৰে। আনহাতে, তদন্তৰ সময়ত গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ অন্তৰ্গত দুধনৈৰ পৰা এ এছ-০১ এফ এল-০৮৭৭ পঞ্জীয়ন নম্বৰৰ অপহৃত যুৱকজনৰ বাহনখন উদ্ধাৰ হয়। এই অপহৰণ কাণ্ডৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে মানকাচৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like