নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ‘মিচিং সমাজ সংস্কৃতিৰ অৱলোকন’ উন্মোচন

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক তথা লোকসংস্কৃতিৰ গৱেষক, শিল্পী ড০ পৱিত্ৰ কুমাৰ পেগুৰ নৱতম গ্ৰন্থ ‘মিচিং সমাজ সংস্কৃতিৰ অৱলোকন’ আজি উন্মোচন কৰা হয়। ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান অল আছাম মিৰি হায়াৰ ছেকেণ্ডাৰীৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে অসম আৰক্ষীৰ উজনি অসম সংমণ্ডলৰ উপ-মহাপৰিদৰ্শক জিতমল দলেই। অল আছাম মিৰি হায়াৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ নিৰঞ্জন পেগুৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থ উন্মোচন কৰি ভাষণত আৰক্ষী উপ-মহাপৰিদৰ্শকগৰাকীয়ে কয়- এক স্বকীয় তথা চহকী কৃষ্টি-সংস্কৃতিৰ সমাহাৰেৰে সমন্বয়ৰ সাঁকো গঢ়াত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা শান্তিপ্ৰিয় জনজাতীয় জনগোষ্ঠীটোৱেই হৈছে মিচিং জনগোষ্ঠী। মিচিং জনগোষ্ঠীৰ চহকী কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহা ড০ পৱিত্ৰ কুমাৰ পেগুৰ প্ৰচেষ্টাক শলাগ লয়।বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাসদী অগণন লোকেৰে পৰিপূৰ্ণ প্ৰেক্ষাগৃহত উন্মোচনী ভাষণত আৰক্ষী বিষয়াগৰাকীয়ে দক্ষতা অনুসৰি সামাজিক দায়বদ্ধতা পালন কৰিব পৰাটোতহে মানৱ জীৱনৰ আচল সাৰ্থকতা লুকাই থাকে বুলি উল্লেখ কৰি তেওঁ লগতে কয়- আছুতীয়া জীৱনৰ কোনো মূল্য নাই। আছুতীয়া জীৱনক মানৱ জীৱন বুলি ক’ব নোৱাৰি। উল্লেখ্য যে এই সভাতে ড০ পৱিত্ৰ কুমাৰ পেগুৱে ৰচনা আৰু পৰিচালনা কৰা ‘দ:ঞি কা:পং প:ল কা:পং’ বিদ্যালয়ৰ শীৰ্ষক গীতটীৰ অডিঅ’ আৰু চিডি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুর্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ দলেই। অনাতাঁৰ শিল্পী দীপ্তিৰাণী পেগু আৰু মাইকেল দলেৰ গীত পৰিৱেশন, অল আছাম মিৰি হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰ-ছাত্ৰীৰ এটি গুমৰাগ নৃত্য প্ৰদৰ্শনে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। গ্ৰন্থ উন্মোচনী সভাত খেৰকটা মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত পেগু, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দেৱেন পেগু, উপাধ্যক্ষ অশোক কুমাৰ দলে প্ৰমুখ্যে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like