নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত চাৰ্টাৰ্ড একাউন্টেণ্টৰ ঘৰত চোৰৰ চাফাই অভিযান

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ বহিঃৰাজ্যত নিজৰ জীয়ৰীৰ অনুষ্ঠানত অংশ লবলৈ গৈ এতিয়া মূৰত সৰগ ভাগি পৰিছে ধুবুৰীৰ এগৰাকী প্ৰতিষ্ঠিত চাৰ্টাৰ্ড একাউন্টেণ্টৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ ব্যক্তিগৰাকীৰ ঘৰত সংঘটিত হোৱা চুৰিকাণ্ডৰ এই ঘটনাই চহৰখনত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰো। চহৰখনৰ ব্যস্ততম অঞ্চল তথা ২নং ৱাৰ্ডৰ বাসিন্দা অনুপ চান্দ সেঠীয়া নামৰ ভুক্তভোগীগৰাকীয়ে সদৰী কৰা মতে, ৩০ নৱেম্বৰত জীয়ৰীৰ এটা অনুষ্ঠানত অংশ লবলৈ সপৰিয়ালে গৈছিল হায়দৰাবাদলৈ। ৭ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হোৱাৰ পিছত আজি বাছেৰে ধুবুৰীলৈ অহাৰ কথা আছিল। কিন্তু যোৱানিশা নিজৰ গৃহত চুৰি হোৱাৰ বিষয়টো অৱগত হৈ ততাতৈয়াকৈ বাহন এখন ভাৰা কৰি আজি উপস্থিত হৈছে ধুবুৰীত। চাৰ্টাৰ্ড একাউন্টেণ্টগৰাকীৰ দাবী অনুসৰি আনুমানিক প্ৰায় ২০ লাখ টকাৰ সামগ্ৰী তেওঁৰ গৃহৰ পৰা চুৰি কৰিছে চোৰে। উল্লেখযোগ্য যে, বিগত কেইমাহৰ পৰাই যাত্ৰীবাহী টেম্পো, ই-ৰিক্সাৰ বেটেৰীকে ধৰি চহৰখনৰ কেইবাটাও মন্দিৰৰ দান ভাণ্ডাৰ আৰু পাণ-চিগাৰেটৰ সৰু-সৰু দোকানত চুৰিকাণ্ড সংঘটিত হৈ অহা দেখা গেছে যদিও আজিলৈ ধুবুৰী আৰক্ষীয়ে সেই চুৰিকাণ্ডবোৰৰ কোনো ধৰণৰ সমাধান উলিয়াব নোৱাৰাটো এক বিফলতাৰূপেই প্ৰতীয়মান হৈছে ৰাইজৰ মাজত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like