👉কংগ্রেছলৈ মিত্রতাৰ প্রস্তাৱ আজমলৰ
👉মিত্ৰতা অবিহনে কংগ্ৰেছশূন্য় হব অসম
বিশেষ বাৰ্তা, ১১ ডিচেম্বৰঃ কংগ্রেছে বাৰে বাৰে এআইইউডিএফক নালাগে বুলি কৈ অহাৰ পিছতো কংগ্রেছৰ একপক্ষীয় প্রেমত ব্যাকুল হৈ পৰিছে বদৰুদ্দিন আজমল। তেওঁ মুঠতে কংগ্রেছক নেৰা হৈছে৷ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় কংগ্ৰেছে মিত্ৰতা নস্যাত কৰাৰ পিছতো কংগ্রেছক এৰি দিয়া নাই এআইইউডিএফৰ মুৰব্বীগৰাকীয়ে৷ আজি পুনৰ কংগ্রেছলৈ মিত্রতাৰ প্রস্তাৱ আগবঢ়াইছে আজমলে৷ আজমলে পুনৰ মিত্রতাৰ প্রস্তাৱ আগবঢ়াই কয় যে এতিয়াও সময় আছে কংগ্রেছে এআইইউডিএফৰ সৈতে হাত মিলোৱাৰ৷ এতিয়াও যদি কংগ্রেছে এআইইউডিএফৰ বুজাবুজি কৰে, তেতিয়াহ’লে আসন্ন লোকসভা নির্বাচনত দুয়োটা দলে মিলি ৬–৭খন আসন দখল কৰিব পাৰিব৷ কিন্তু এআইইউডিএফৰ লগত বুজাবুজি নকৰিলে কংগ্রেছে জিৰো হ’ব৷ অসমৰ কোনো ঠাইতে কংগ্রেছ নাথাকিব৷ সেইদৰে গৌৰৱ গগৈ আসন্ন লোকসভা নির্বাচনত নগাঁৱত অৱতীর্ণ হ’ব বিচৰাৰ প্রসংগত আজমলে তীব্র কটাক্ষ কৰি কয় যে নগাঁৱক লৈ গৌৰৱ গগৈয়ে সপোন দেখিব পাৰে৷ কিন্তু নগাঁৱত গৌৰৱ গগৈৰ সপোন সপোন হৈয়েই থাকিব৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ ভূমিকাকো তীব্র সমালোচনা কৰি আজমলে কয় যে ভূপেন বৰাই অসমত কংগ্রেছ দলটোক শেষ কৰিহে দলৰ পৰা বিদায় ল’ব৷ অসমৰ কংগ্রেছীসকলে নিশাৰ ভাগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ওচৰলৈ গৈ টকা বিচাৰে বুলিও তেওঁ গুৰুতৰ অভিযোগ কৰে৷
#বাৰ্তা ডেস্ক