সংসদত দুই যুৱকে জঁপিওৱা ঘটনাত ৮ নিৰাপত্তাৰক্ষীক নিলম্বন
🔹 জৰুৰী বৈঠকৰ আয়োজন প্ৰধানমন্ত্ৰী মোদীৰ
বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰ : কালি সংসদ ভৱনৰ লোকসভাত অঘটন ঘটে ৷ চাৰি তৰপীয়া নিৰাপত্তা ব্যৱস্থা আৰু শৰীৰ নিৰীক্ষণ যন্ত্রৰ বেহু ফালি লোকসভাৰ দর্শকৰ গেলাৰীত বহি থকা দুজন যুৱকে সংসদত জাঁপ দিয়ে। যুৱক দুজনে সংসদৰ মাজত জঁপিয়াই সদনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ গেলাৰীৰ পৰা জঁপিয়াই পৰা যুৱকদ্বয়ে ইপিনে–সিপিনে দৌৰাদৌৰি কৰি লোকসভাৰ অধ্যক্ষৰ ওচৰলৈ যাব বিচাৰে আৰু হালধীয়া ৰঙৰ স্প্রে ছটিয়াই শ্লোগান দি অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰে৷ সংসদৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি দুই যুৱকে হালধীয়া ৰঙৰ স্প্রে সদনত ছটিয়াই ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সমান্তৰালকৈ ‘স্বৈৰাচাৰ নচলিব’ শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰে৷ হুলস্থূলীয়া আৰু সাংসদসকলৰ মাজত সৃষ্টি হোৱা শংকাময় পৰিৱেশৰ মাজতে যুৱক দুজনক খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় কেইবাজনো সাংসদে৷ ইপিনে, সংসদ ভৱনৰ ভিতৰত দুই যুৱকে শ্লোগান আৰু স্প্রে ছটিয়াই হাহাকাৰ পৰিৱেশ সৃষ্টি কৰাৰ সমান্তৰালকৈ সংসদৰ বাহিৰতো দুগৰাকীয়ে স্প্রে ছটিওৱাৰ লগতে শ্লোগান দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷ সংসদ ভৱনৰ ভিতৰত থকা নিৰাপত্তাৰক্ষীয়ে দুই যুৱকক আটক কৰাৰ বিপৰীতে সংসদ ভৱনৰ বাহিৰত স্বৈৰাচাৰ নচলিব শ্লোগান দিয়া এজন পুৰুষ আৰু এগৰাকী মহিলাক আটক কৰিছে৷ সংসদ ভৱনৰ কঠোৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি লোকসভাৰ মজিয়াত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰা যুৱক দুজন মনোৰঞ্জন আৰু সাগৰ শর্মা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷ দুয়োজনেই দিল্লীৰ বাহিৰৰ বাসিন্দা৷ সংসদৰ বাহিৰত আটক কৰা মহিলাগৰাকী নীলম আৰু পুৰুষজনক আমোল সিন্দে বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ নতুন সংসদ ভৱনত লোকসভাৰ শূন্যকালীন ঘণ্টা চলি থকাৰ মাজতে গেলাৰীৰ পৰা যুৱকে জঁপিয়াই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ পিছতেই সংসদ ভৱনত নিৰাপত্তা ব্যৱস্থাত থকা খুঁতক লৈ ব্যাপক চর্চা হৈছে৷ বৃহস্পতিবাৰে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী এখন বৈঠকত বহা বুলি জানিব পৰা গৈছে। এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰি আন তিনিজন হেভীৱেইট নেতা উপস্থিত থাকে। সংসদৰ নিৰাপত্তা ব্যৱস্থা পুনৰীক্ষণৰ বাবে মোদীয়ে এই বৈঠকৰ আহ্বান কৰিছিল। বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু অনুৰাগ ঠাকুৰ উপস্থিত থাকে। উল্লেখ্য যে সংসদত সংঘটিত এই ঘটনাৰ পিছত ইতিমধ্যে ৮গৰাকী নিৰাপত্তাৰক্ষীক নিলম্বন কৰা হৈছে। সংসদ ভৱনৰ প্ৰৱেশ পথত সেই ৮জন লোক দায়িত্বত আছিল। ইতিমধ্যে আৰক্ষীয়ে ৬জন অভিযুক্তৰ বিৰুদ্ধে ইউএপিএৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ইয়াৰে পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে।