বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰঃ ঠিকাদাৰৰ লগত ধনবিতৰ লেনদেন কৰি থকা অৱস্থাতে মৰিগাঁৱত হাতে-লোটে ধৰা পৰিছে এজন দুর্নীতিপৰায়ণ কনিষ্ঠ অভিযন্তা। দুর্নীতি নিবাৰক আৰু নিৰীক্ষণ সঞ্চালকালয়ৰ দলে গ্ৰেপ্তাৰ কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা নৱজ্যোতি তামুলীক। মৰিগাঁও নগৰৰ ছুপাৰমার্কেটৰ কাষত গোপন সূত্রৰ তথ্য লাভ কৰি পূর্বৰ পৰা খাপপিটি থকা অভিযানকাৰী দলটোৱে ঠিকাদাৰৰ পৰা ধন লৈ থকা অৱস্থাতে আটক কৰে আৰু কোনো গোপন স্থানত জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মৰিগাঁও সংমণ্ডলৰ ভূৰবন্ধা শাখাত কর্মৰত তামুলী বর্তমান মৰিগাঁও নগৰৰ নভেটিৰ স্থায়ী বাসিন্দা৷ আন এটা সূত্র মতে দুটা শাখাত কর্মৰত তামুলীৰ এই অপকর্ম কিছুদিন পূর্বৰে চলি আছিল৷ জানিব পৰা নিশাই তামুলীৰ বাসগৃহতো অভিযানকাৰী দলটোৱে তালাচী চলোৱাৰ সম্ভাৱনা আছে৷