ৰাজ্যৰ ৯১৫খন ধৰ্মানুষ্ঠানলৈ দিয়া হ’ব ১০ লাখ টকাঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ
মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
- সংবাদমেলত ‘অসম দৰ্শন’ শীৰ্ষক আঁচনি ঘোষণা
- ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত অসম দৰ্শন আঁচনিৰ শুভ আৰম্ভণি
- এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব সকলো ধৰ্মৰ মুঠ ১০ হাজাৰ লোকে
- অসম দৰ্শন আঁচনিৰ বাবে ধাৰ্য ৭৫০ কোটি টকা
- এই আঁচনিৰ যোগেদি ৰাজ্যৰ ধৰ্মানুষ্ঠানলৈ অনুদান
- ৰাজ্যৰ দেৱালয়সমূহক বছৰি দিয়া হ’ব ২ লাখ টকাকৈ
- ৰাজ্যৰ মুঠ ৯১৫খন ধৰ্মানুষ্ঠানলৈ ১০ লাখ টকাকৈ আগবঢ়োৱা হ’ব
- এই আঁচনিৰ অধীনত ৪৫৯টা মন্দিৰ, ১২৩টা নামঘৰ, ৪৭টা মছজিদ-মাঝাৰ
- অসম দৰ্শন আঁচনিত অন্তভুৰ্ক্ত ৰাজ্যৰ ২৬টা গীৰ্জা
- ধৰ্মানুষ্ঠানসমূহলৈ যোৱা পথ, যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে ৬১৫কোটি টকা
- ৰাজ্যৰ ৩১৬টা পৰ্যটনথলীৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ