নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াত আটক তিনি ভুৱা পৰীক্ষাৰ্থী

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ কলগাছিয়াৰ বালিকুৰিত হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত তিনি গৰাকী ভুৱা পৰীক্ষাৰ্থী আটক । আটক হোৱা ভুৱা পৰীক্ষাৰ্থী সকল হৈছে ক্ৰমে কান্দুলীয়াৰ বাবুল ইছলাম, ২ নং উদালগুৰিৰ হাশেম আলী আৰু কালঝাৰ পাথাৰৰ আব্দুল আজিজ । উল্লেখযোগ্য যে কলগাছিয়াৰ চৰ দিগজানী হাইস্কুলৰ পৰীক্ষাৰ্থী ক্ৰমে ফয়েজ উদ্দিন, তমছেৰ আলী আৰু মনিৰুল ইছলামৰ হৈ পৰীক্ষা দি আছিল আটক হোৱা যুৱক তিনিওজনে । আজি বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ দিনা ৰঙা ঘৰৰ আলহী হল ভুৱা পৰীক্ষাৰ্থী সকল ।কলগাছিয়া আৰক্ষী থানাত ইতিমধ্যে যুৱক তিনিজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে আৰু সেই মতে আৰক্ষীয়ে তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে ।

You might also like