অযোধ্যাৰ ৰাম মন্দিৰত ভগৱানৰ মূর্তি নির্মাণ ইছলামধর্মী ভাস্কৰৰ
বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰ : উত্তৰ প্রদেশৰ অযোধ্যাত নির্মীয়মাণ ৰাম মন্দিৰ চৌহদৰ বাবে ভগৱান ৰামৰ মূর্তি নির্মাণত জড়িত আছে পশ্চিমবংগৰ দুই ইছলামধর্মী ভাস্কৰ৷ অহা ২২ জানুৱাৰীত ঐতিহাসিক ক্ষণৰ সৃষ্টিৰে উদ্বোধন কৰিবলগীয়া ৰাম মন্দিৰৰ বাবে পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ মহম্মদ জামালুদ্দিন আৰু তেওঁৰ পুত্র বিট্টুৱে ভগৱান ৰামৰ নান্দনিক মূর্তি নির্মাণ কৰিছে৷ অনলাইনযোগে ইছলামধর্মী ভাস্কৰ পিতৃ–পুত্রৰ সৃষ্টি দেখি অযোধ্যাৰ পৰা তেওঁলোকক ৰামৰ মূর্তি নির্মাণৰ বাবে প্রস্তাৱ দিয়ে৷ ব্যয়বহুল ফাইবাৰৰ মূর্তি নির্মাণ কৰাৰ বাবে এটা মূর্তিত ২.৮ লাখতকৈ অধিক টকা ব্যয় হয় বুলি ভাস্কৰকেইগৰাকীয়ে সদৰী কৰিছে৷ ৰাম মন্দিৰত তেওঁলোকক মূর্তি নির্মাণ কৰিবলৈ দিয়া সন্দর্ভত সাংবাদিকৰ আগত জামালুদ্দিনে কয় যে ধর্ম ব্যক্তিগত আস্থা৷ দেশত বিভিন্ন ধর্মৰ লোকে বাস কৰি আছে৷ সকলো নাগৰিকে একেলগে বাস কৰি আহিছে৷ তেওঁ সুখী যে ভগৱান ৰামৰ মূর্তি নির্মাণ কৰিবলৈ দিছে৷ শিল্পীৰ কাৰণে এয়া হৈছে সংস্কৃতিৰ ভাতৃত্বমূলক বার্তা৷ ৰামৰ মূর্তিয়েই নহয়, জামালুদ্দিনে মা দুর্গা আৰু জগদ্ধাত্রীৰ মূর্তি নির্মাণ কৰিও চর্চিত হৈছে৷