নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰস্কাৰৰ ধনেৰে পৰিচাৰিকাক ম’বাইল ফোন ৭ বছৰীয়া অংকিতৰ

বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰ : সাধাৰণতে শিশুৱে ধন পালে নিজৰ বাবে মিঠাই, পুতলা আদিৰ প্রতি আগ্রহ দেখুৱায়৷ কিন্তু দিল্লীৰ এগৰাকী ৭ বছৰীয়া শিশুৱে এনে কার্য কৰিলে যিটো সামাজিক মাধ্যমত চর্চাৰ বিষয় হৈ উঠিছে৷ দিল্লীৰ ৭ বছৰীয়া অংকিতে বিদ্যালয়ত সপ্তাহান্তিক বেডমিণ্টন টুর্নামেণ্টত বিজয়ী হৈ লাভ কৰা ৭ হাজাৰ টকাৰে নিজৰ বাবে একো ক্রয় নকৰি তেওঁলোকৰ ঘৰত পৰিচাৰিকা হিচাপে থকা মহিলা এগৰাকীক ম’বাইল ফোন এটা উপহাৰ দিয়ে ৷ ৭ বছৰীয়া অংকিতৰ এই মহানুভৱতা অঞ্চলবাসীৰ লগতে সামাজিক মাধ্যমতো প্রশংসিত হৈছে৷ শিশুগৰাকীৰ পিতৃ ভি বালাজীয়ে সামাজিক মাধ্যমত প্রকাশ কৰা মতে, তেওঁৰ পুত্রই বেডমিণ্টন টুর্নামেণ্টত লাভ কৰা ধনেৰে মিঠাই আৰু পুতলা কিনাৰ পৰিৱর্তে ঘৰুৱা পৰিচাৰিকা তথা ঘৰৰ ৰান্ধনী সৰোজা নামৰ মহিলাগৰাকীক ম’বাইল ফোন এটা দিলে৷ লক্ষণীয় যে সৰোজাই শৈশৱৰে পৰা অংকিতক লালন–পালনৰ দায়িত্ব সুচাৰু ৰূপে পালন কৰি আহিছে৷

You might also like