🔹 বৃদ্ধসহ তিনিজন গুৰুতৰভাৱে আহত
মহানগৰ বাৰ্তা, ১৫ ডিচেম্বৰ : মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ নিজ গোৱৰ্ধনত আজি বনৰীয়া ম’হ এটাৰ আক্ৰমণত এটি শিশুৰ মৃত্যু হোৱাৰ উপৰি তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।আঘাতপ্ৰাপ্তকেইজনক চিকিৎসালয়ত ভৰ্তি কৰিছে পৰিয়ালৰ লোকে। জানিব পৰা মতে, দিনৰ প্ৰায় ডেৰ বজাত পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা প্ৰকাণ্ড ম’হ এটা নিজ গোৱৰ্ধনৰ জনাঞ্চলত প্ৰৱেশ কৰে। প্ৰৱেশ কৰাৰ পিছতে একেটা অঞ্চলৰ দুই শিশুসহ চাৰিজনক আক্ৰমণ কৰে ম’হটোৱে। আক্ৰমণত য়শ বিশ্বাস (১১) নামৰ শিশুটি গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত ততাতয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসা লাভ কৰাৰ পূৰ্বে মৃত্যু হয় শিশুটিৰ। জানিব পৰা অনুসৰি, সেই সময়ত ককাক কৃষ্ণ সূত্ৰধৰৰ লগত কলং নৈত গা ধুবলৈ গৈছিল শিশুটি। নৈৰ পাৰতে ম’হটোৱে দুয়োকে হানি-গচকি আক্ৰমণ কৰাত য়শ সংজ্ঞাহীন হৈ পৰে। সমান্তৰালকৈ ককাকজনকো আক্ৰমণ কৰাত মূৰ-ভৰি আৰু পিঠিত আঘাত পায়। ইয়াৰ পিছত ম’হটোৱে গাঁৱৰ মাজত প্ৰৱেশ কৰে আৰু পথৰ কাষত বহি থকা সঞ্জীৱ বৰ্মন (৩১) নামৰ যুৱক এজন আৰু পথত খেলি থকা ৰিংকী বৰ্মনক (১২) আক্ৰমণ কৰে। আক্ৰমণত শিশুটিৰ সোঁ ভৰিখন ভঙাৰ উপৰি মূৰ আৰু মুখমণ্ডলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। একেদৰে যুৱকজনেও মূৰত গুৰুতৰভাৱে আঘাত পায়। আটাইকেইজন সম্প্ৰতি চিকিৎসাধীন হৈ আছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, আক্ৰমণ কৰাৰ পিছত ম’হটোৱে কলং নৈ পাৰ হৈ ঢেঁকীয়াবাৰী আৰু চনকাৰ দিশে আতঁৰি যায়। উল্লেখ্য যে পবিতৰাৰ পৰা ওলাই অহা এই ম’হটোৱে বিগত ভালেমান দিনৰ পৰা বৰবিলা, বুঢ়ামায়ং, ধিপুজি, নলিন, গোৱৰ্ধন আদি অঞ্চলত সন্ত্ৰাস চলাই আহিছে।আনকি ইয়াৰ পূৰ্বেও একাধিক ব্যক্তিক আক্ৰমণ কৰিছে ম’হটোৱে। কিন্তু আশ্চৰ্য্যজনকভাৱে পবিতৰা কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ৰাইজে একাধিকবাৰ অৱগত কৰাৰ পিছতো বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে আওকাণ কৰি আহিছে। বিষয়াগৰাকীৰ হেমাহিৰ বাবে প্ৰায় প্ৰতিবছৰে এনেদৰে অঘটন সংঘটিত হৈ আহিছে। ইয়াক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী।
প্ৰেৰক বিভাষ দাস