নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদালত চৌহদত হত্যাত অভিযুক্তক গুলীয়ালে বন্দুকধাৰীয়ে

🔹 আৰক্ষীৰ সন্মুখতে হত্যা

বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰ : বিহাৰৰ পাটনাৰ ডানাপুৰ আদালতত হাজিৰ কৰিবলৈ অনা হত্যাত অভিযুক্তক আদালত চৌহদতে দুই বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কেইবাটাও অপৰাধমূলক গোচৰৰ লগতে হত্যাত অভিযুক্ত অভিষেক কুমাৰ ওৰফে ছোতে ছৰকাৰক বেউৰ কাৰাগাৰৰ পৰা ডানাপুৰ আদালতলৈ হাজিৰ কৰোৱাৰ বাবে আনোতেই দুজন বন্দুকধাৰীয়ে অভিযুক্তজনক গুলীয়াই হত্যা কৰে৷ পাটনা পশ্চিমৰ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰে প্রকাশ কৰা মতে, হত্যাত অভিযুক্ত অভিষেক কুমাৰক গুলীওৱা দুয়োজন ব্যক্তিকে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অভিযুক্ত কুমাৰক বন্দুকধাৰীয়ে জধে–মধে গুলীচালনা কৰাৰ সময়ত আদালত চৌহদত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ কর্তব্যৰত নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি চম্ভালি ল’বলৈ সক্ষম হয়৷ গুলীচালনা কৰা দুয়োজন ব্যক্তিক আৰক্ষীয়ে গ্রেপ্তাৰো কৰে৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে চাৰিটা গুলীৰ কার্টিজ উদ্ধাৰ কৰিছে আৰু সম্প্রতি আদালতত স্বাভাৱিক অৱস্থা ঘূৰি আহিছে৷ গুলীচালনা কৰা ব্যক্তি দুজন মুজাফফৰপুৰৰ বাসিন্দা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷

You might also like