🔹 আলফা (স্বাঃ)ক প্রত্যাহ্বান আৰক্ষী সঞ্চালকপ্রধান সিঙৰ
নিয়মীয়া বার্তা, ১৬ ডিচেম্বৰ : উজনি অসমত সংঘটিত কেইবাটাও বিক্ষিপ্ত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছতে আলফা (স্বাঃ)ক উভতি ধৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান (ডিজিপি) জি পি সিঙে৷ কাজিৰঙা ভ্রমণৰ সময়তে ডিজিপি সিঙে পৰেশ বৰুৱা নেতৃত্বাধীন নিষিদ্ধঘোষিত সংগঠনটোক একপ্রকাৰ তেওঁক আক্রমণ কৰিবলৈ প্রত্যাহ্বান জনায়৷ অ’ত–ত’ত গ্রেনেড দলিয়াই ৰাইজক হাৰাশাস্তি কৰাৰ পৰিৱর্তে তেওঁক আক্রমণৰ লক্ষ্য কৰি ল’বলৈ প্রত্যাহ্বান জনাই সিঙে কয়– ‘তেওঁলোকে প্রতিবাৰে মোৰ কথা কয়৷ যদিহে মোক লৈ তেওঁলোকৰ কিবা সমস্যা আছে, তেনেহ’লে মোৰ ঘৰ কাহিলিপাৰা আৰু মোৰ কার্যালয় উলুবাৰীত৷ আহক মোক টার্গেট কৰি লওক৷ আনসকলক কিয় টার্গেট কৰি লৈছে৷ মই কোনোদিনে ক’তো কোৱা নাই যে মই ভয় কৰিছোঁ অথবা চিন্তা কৰিছোঁ৷ যদি তেওঁলোকৰ কষ্ট মোক লৈ হৈছে, তেনেহ’লে মোক টার্গেট কৰিলেই হ’ল৷’ শেহতীয়াকৈ বিস্ফোৰণৰ ঘটনা সংঘটিত কৰাসকলক চিনাক্ত কৰাৰ লগতে সম্ভৱপৰ সকলোধৰণৰ কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ এই প্রসংগত সিঙে কয় যে যিসকল লোকে অসমী আইক ভাল পায় তেওঁলোকেই অসমী আইৰ বুকুত আঘাত হানি আছে৷ যিসকলে এই কাম কৰিছে, তেওঁলোকক চিনাক্ত কৰা হ’ব৷ ‘নিয়া’ৰ সৈতে যোগাযোগ কৰা হৈছে৷ ‘নিয়া’ৰ এটা টীম আহি আছে৷ শেহতীয়াকৈ সংঘটিত দুই–তিনিটা ঘটনা সন্দর্ভত ‘নিয়া’ আৰু কেন্দ্রীয় চোৰাংচোৱা সংস্থাৰ সৈতে আলোচনা কৰা হ’ব৷ যিসকলে এই কার্য সংঘটিত কৰিছে, তেওঁলোকক কৰায়ত্ত কৰা হ’ব৷ সিঙে লগতে কয়– ‘অসমী আইৰ বুকুত তেওঁলোকে আঘাত হানি আছে৷ তেওঁলোকে নিজে চিন্তা কৰা উচিত৷ অসমৰ ৰাইজেও তেওঁলোকক প্রশ্ণ কৰা উচিত যে কিয় এই কাম কৰি আছে? যোৱা কেইটামান মাহত কেইবাটাও গুৰুত্বপূর্ণ গোচৰ হৈছে৷ কল চেণ্টাৰৰ নেটৱর্ক ভাঙি দিয়াৰ উপৰি এপিএছচিৰ তদন্ত নতুনকৈ কৰা হৈছে৷ অভিযুক্তক গ্রেপ্তাৰ কৰা হৈছে৷ পুনৰ যদি এনেধৰণৰ ঘটনা সংঘটিত হয়, তেনেহ’লে আৰক্ষীক তাৰ পৰা আঁতৰাই তাত লগাব লাগিব৷ ইয়াৰ পৰা অসমৰ ৰাইজৰ লোকচান হ’ব৷ আমি অপৰাধ হ্রাস কৰিবলৈ সক্ষম হৈছোঁ৷ এটা সময়ত অসমত দোষী সাব্যস্ত হোৱা লোকৰ হাৰ আছিল ৫ শতাংশ৷ এই হাৰ ১৫–১৬ শতাংশলৈ বৃদ্ধি পাইছে৷ ১০–১৫ বছৰ আগত যিটো অৱস্থা আছিল, অসমৰ বর্তমান অৱস্থা বহুত ভাল হৈছে’৷ উল্লেখ্য যে বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ নিৰাপত্তা সম্পর্কত উদ্যান কর্তৃপক্ষৰ লগত কালি আৰক্ষী সঞ্চালকপ্রধান সিং তথা অন্যান্য আৰক্ষী বিষয়াই এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ বিগত সময়বোৰত কাজিৰঙাত গঁড় হত্যা শূন্য কৰাৰ বাবে বন বিভাগ আৰু আৰক্ষীয়ে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ এতিয়াও আগন্তুক বর্ষৰ বাবে নিৰাপত্তা সম্পর্কীয় কিছু নতুন পদক্ষেপ গ্রহণ কৰা হৈছে৷ আগন্তুক বর্ষতো গঁড় হত্যা শূন্য কৰাৰ চেষ্টা চলি থাকিব বুলিও তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰে৷ সাংবাদিকে এপিএছচিৰ কেলেংকাৰিৰ তদন্ত সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে ‘জালিয়াতিত জড়িত ৰাজপত্রিত বিষয়াসকলৰ বিৰুদ্ধে তথ্য–প্রমাণ সংগ্রহ কৰি থকা হৈছে৷ ইয়াৰ বাবে কিছু সময়ৰ প্রয়োজন হ’ব৷ যাৰ বিৰুদ্ধে উপযুক্ত তথ্য–প্রমাণ পোৱা গৈছে তেওঁলোকক গ্রেপ্তাৰ কৰা হৈছে৷ এই ধাৰাবাহিকতা অব্যাহত থাকিব’৷ যোৰহাটৰ আৰক্ষী বিষয়া কেলেংকাৰিৰ অভিযোগত গ্রেপ্তাৰ হোৱাৰ পিছত বিষয়াৰ নাটনি সন্দর্ভত সোধা আন এক প্রশ্ণৰ উত্তৰত তেওঁ কয় যে এইক্ষেত্রত অতি সোনকালে আৰক্ষী বিষয়া নিযুক্তি দিয়া হ’ব৷ ইয়াৰ পূর্বে পুৱাৰ ভাগত পৰিয়ালসহ তেওঁ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰে৷