নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ আজি বিয়লি নদীপথেৰে নাৱেৰে ধুবুৰীৰ এটা পাৰঘাটলৈ অহা কেইবা বস্তা চুপাৰি আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী সদৰ থানাৰ এটি দলে অভিযান চলাই বৰলুইতৰেৰে দক্ষিণ পাৰৰ পৰা নাও এখনেৰে ধুবুৰী চহৰৰ মাজমজিয়াৰ বৰলুইতৰ যোগমায়া পাৰঘাটত নমোৱাৰ সময়তেই জব্দ কৰে ১২ বস্তা চুপাৰি। অৱশ্যে বিষয়টোক লৈ ধুবুৰী আৰক্ষীয়ে আনুষ্ঠানিকভাবে এতিয়াও একো সদৰী কৰা নাই। উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ এটা চক্ৰই সংশ্লিষ্ট চৰকাৰী বিভাগটোৰ একাংশক মেনেজ কৰি ভুৱা জিএছটি বিলেৰে ধুবুৰী হৈ বহিঃৰাজ্যলৈ চুপাৰি প্ৰেৰণ কৰি থকা বুলি দীৰ্ঘদিনৰ পৰা সন্দেহ প্ৰকাশ কৰি অহা পোৱা গৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী